ফেণী ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিবনে উত্তৰ পূৱত? বতৰ বিজ্ঞান কেন্দ্ৰই জনালে তথ্য

গুৱাহাটীত আজিৰে পৰা অহা ৩ দিন পাতলীয়া বৰষুণৰ লগতে আকাশ মেঘাছন্ন হোৱাৰ আগজাননী।

news18assam
Updated:April 28, 2019, 6:43 PM IST
ফেণী ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিবনে উত্তৰ পূৱত? বতৰ বিজ্ঞান কেন্দ্ৰই জনালে তথ্য
গুৱাহাটীত আজিৰে পৰা অহা ৩ দিন পাতলীয়া বৰষুণৰ লগতে আকাশ মেঘাছন্ন হোৱাৰ আগজাননী।
news18assam
Updated: April 28, 2019, 6:43 PM IST
শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ফেণী ঘূৰ্ণিবতাহৰ প্ৰভাৱ বৰ্তমান উত্তৰপূৰ্বাঞ্চলত নপৰে যদিও বতাহৰ গতি সলনি হলে পৰৱবর্তী সময়ত কিছু পৰিমানে প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে । দেওবাৰৰ পৰা অহা ২মে লৈ অসমৰ কিছুঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভৱনা । গুৱাহাটীত দেওবাৰৰ পৰা অহা ৩ দিন পাতলীয়া বৰষুণৰ লগতে আকাশ ডাৱৰীয়া হোৱাৰ আগজাননী দিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

উল্লেখযোগ্য যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত ঘূৰ্ণীবতাহ ফেণীৰ কাৰণে এলাৰ্ট জাৰী কৰিছিল। ইয়াৰ বাবে মাছমৰীয়া সকলক দেওবাৰে সাগৰত নানামিবৰ কাৰণে পৰামৰ্শ দিয়া হৈছিল। ANIৰ মতে ১মে’লৈকে উত্তৰ–পশ্চিমৰ দিশত ফেণী আগবাঢ়ি যোৱাৰ লগতে লাহে লাহে উত্তৰ–পূৱৰ দিশলৈকো ফেণীৰ প্ৰভাৱ পৰাৰ আশংকা আছে।


বাংলাদেশৰ পৰামৰ্শমতে এই ঘূৰ্ণীবতাহৰ নাম ফেণী ৰখা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে তামিলনাডু আৰু পুডুচেৰীৰ সাগৰৰ পাৰ, কোমোৰিন অঞ্চল তথা কেৰালাৰ সাগৰীয় এলেকাত ৩০ৰ পৰা ৫০ কি.মি. পৰ্যন্ত প্ৰতি ঘণ্টাত বতাহ বলিব পাৰে।

আৰু চাওক পৰৱৰ্তী বাতৰি