‘১০–১২জনৰ মৃত্যু হৈছে’, আমফানৰ ধ্বংসলীলাক লৈ ক’লে মমতা বেনাৰ্জীয়ে, কামৰূপ মেট্ৰ’তো প্ৰশাসনৰ এলাৰ্ট

News18 Assam | News18-Assam
Updated:May 20, 2020, 11:05 PM IST
‘১০–১২জনৰ মৃত্যু হৈছে’, আমফানৰ ধ্বংসলীলাক লৈ ক’লে মমতা বেনাৰ্জীয়ে, কামৰূপ মেট্ৰ’তো প্ৰশাসনৰ এলাৰ্ট
সকলো জৰুৰীকালীন সেৱাক সষ্টম হৈ থকাৰ নিৰ্দেশ।

সকলো জৰুৰীকালীন সেৱাক সষ্টম হৈ থকাৰ নিৰ্দেশ।

  • Share this:
‘চুপাৰ চাইক্লন’ আমফানৰ কাৰণে কলকাতাত এতিয়া প্ৰৱল বৃষ্টিপাত আৰু এই মূষলধাৰ বৰষুণ কাইলৈও অব্যাহত থকাৰ পূৰ্বানুমান। ৰাজ্যখনৰ ঠায়ে ঠায়ে ধুমুহা–বৰষুণে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে আহিছে কেইবাটাও প্ৰাণহানিৰ খবৰ। নবান্নাৰ কন্ট্ৰ’লৰূমত নিজে উপস্থিত থাকি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লৈ আহিছে প্ৰতি মুহূৰ্তৰ খতিয়ান। তেওঁ ইতিমধ্যে জনাইছে যে ঘূৰ্ণীবতাহজাকৰ কাৰণে অসম্ভৱ ধৰণে ক্ষতিগ্ৰস্ত হৈছে ২৪ পৰগণা জিলা। কলকাতা–হাওৰাতো প্ৰচুৰ পৰিমাণৰ ক্ষতি হৈছে। এই ক্ষয়–ক্ষতিৰ পৰিমাণ পৰিমাপ কৰিবলৈ সময় লাগিব বুলিও তেওঁ জনাইছে। ইয়াৰ মাজতে কমেও ১০–১২জন লোক গছ বাগৰি পৰা আদি ঘটনাৰ কাৰণে মৃত্যু মুখত পৰাৰ কথা জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বতাহত প্ৰচণ্ড গতিৰে উৰি অহা বস্তুৰ খুন্দাতো মৃত্যু হৈছে মানুহৰ।

এই ঘূৰ্ণীবতাহজাক ইতিমধ্যে বাংলাদেশৰ দিশে গতি কৰিছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে আৰু অসমত আমফানৰ প্ৰভাৱত কাইলৈ প্ৰৱল বৃষ্টিপাতৰ পূৰ্বানুমান। কাছাৰৰ পিছত এইবাৰ কামৰূপ (মেট্ৰ’) জিলাত অৰ্থাৎ গুৱাহাটীত প্ৰশাসনে এলাৰ্ট জাৰি কৰিছে। শক্তি বিভাগ, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগ, টেলিকম সেৱা, বন বিভাগ আদি সকলোকে যিকোনো মুহূৰ্তত প্ৰচণ্ড জৰুৰীকালীন ধুমুহাৰ পৰিবেশৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে। 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading