বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত দহলাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত এজন চাইকেল আৰোহী থিতাতে নিহত হয়।
কোনো অচিনাকি ট্ৰাকে মহটিয়াই লৈ যোৱাৰ ফলত থিতাতে নিহত হয় চাইকেল আৰোহীজন। নিহত চাইকেল আৰোহীজনৰ চেহেৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাত তেওঁক চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পিছত বিজনীৰ বীৰেন্দ্ৰ চন্দ্ৰ দৈমাৰী বুলি জানিব পৰা যায়। ঘটনাস্থলীত গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীৰ আৰক্ষী দুৰ্ঘটনাত হোৱা স্থানত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিহত বীৰেন্দ্ৰ চন্দ্ৰ দৈমাৰীৰ পৰা এটা মোবাইল, এটা ছাতি আৰু এখন বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে।