সাৱধান হওক! দুষ্টচক্ৰই উদং কৰিব পাৰে আপোনাৰো বেংকৰ একাউণ্ট, যোৰহাটত কি হ’ল চাওক

News18 Assam | News18-Assam
Updated:January 31, 2020, 9:01 AM IST
সাৱধান হওক! দুষ্টচক্ৰই উদং কৰিব পাৰে আপোনাৰো বেংকৰ একাউণ্ট, যোৰহাটত কি হ’ল চাওক
যোৰহাটৰ বেংক অব বৰোদাৰ গড়আলি শাখাৰ পৰা কিছুদিন পূৰ্বে জাল চেকেৰে দুষ্টচক্ৰই প্ৰায় ৫ লাখ টকা একাউণ্টৰ পৰা উলিয়াই লৈ গৈছিল। পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা।

যোৰহাটৰ বেংক অব বৰোদাৰ গড়আলি শাখাৰ পৰা কিছুদিন পূৰ্বে জাল চেকেৰে দুষ্টচক্ৰই প্ৰায় ৫ লাখ টকা একাউণ্টৰ পৰা উলিয়াই লৈ গৈছিল। পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা।

  • Share this:
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। এ টি এমৰ পৰা ধন হৰলুকী হোৱা ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে। এ টি এম কাৰ্ড ক্ল’নিঙৰ পিছত এইবাৰ দুষ্টচক্ৰই ক্ল’নিং চেকৰ জৰিয়তে উলিয়াই লৈ গৈছে গ্ৰাহকৰ বেংক একাউণ্টৰ ধন। যোৰহাটৰ বেংক অব বৰোদাৰ গড়আলি শাখাৰ পৰা কিছুদিন পূৰ্বে জাল চেকেৰে দুষ্টচক্ৰই প্ৰায় ৫ লাখ টকা একাউণ্টৰ পৰা উলিয়াই লৈ গৈছিল। পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা।

বিনন্দ দত্ত নামৰ ব্যৱসায়ীজনৰ বেংক একাউণ্টৰ পৰা জাল চেকযোগে দুষ্টচক্ৰই ২৪ জানুৱাৰীত উলিয়াই লৈ যায় ১২ হজাৰ ৮৭৮ টকা। ইউকো বেংকৰ চেকযোগে মণিচন্স ড্ৰাগ এজেন্সীৰ নামত অসমৰ বাহিৰত এই ধন উলিয়াই নিয়া হৈছে। তাৎপৰ্যপূৰ্ণভাৱে 4428 নম্বৰৰ চেকখন বৰ্তমানো বিনন্দ দত্তৰ লগতে আছে।

ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহটো ব্যৱসায়ীজনৰ বেংক একাউণ্ট পৰা অনুৰূপ কৌশলেৰে বহিৰাজ্যৰ বেংকত দুষ্টচক্ৰই ২ লাখ ৪ হাজাৰ ৪১৮ টকা উলিয়াই নিয়াৰ চেষ্টা চলাইছিল। কিন্তু সেই সময়ত বেংকৰ পৰা ভেৰিফিকেচনৰ বাবে ফোন অহাত বিনন্দ দত্তই উক্ত চেকখনৰ পৰা ধন পৰিশোধ কৰাটো বন্ধ কৰিবলৈ সক্ষম হয়। কিন্তু ইয়াৰ পিছতে দুষ্টচক্ৰই এইবাৰ কম পৰিমাণৰ ধন জাল চেকেৰে উলিয়াই নিয়াৰ কৌশল ৰচনা কৰে আৰু সফল হয়। এই সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী গ্ৰাহকজনে থানাত এজাহাৰ দাখিল কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি