গুৱাহাটীত ভয়ংকৰ জাল পেলাইছে চাইবাৰ অপৰাধীয়ে। ভাৰতীয় ষ্টেট বেংকৰ ATM ব্যৱহাৰ কৰিলেই আপুনি হেৰুৱাব পাৰে একাউণ্টত থকা ধন। উলুবাৰীস্থিত SBIৰ ATM ব্যৱহাৰ কৰি সৰ্বস্বান্ত হৈছে বহু গ্ৰাহক। ATMটো ব্যৱহাৰ কৰিলেই গ্ৰাহকৰ একাউণ্টৰ ধন হৰলুকী হোৱাৰ অভিযোগ। প্ৰতিবাৰত গ্ৰাহকৰ একাউণ্টৰ পৰা ২৫ হাজাৰ টকাকৈ হৰলুকী হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
তাৰ পিছতে হাতীগাঁও চাৰিআলিৰ সমীপত থকা ইউনিয়ন বেংকৰ ATMত উদ্ধাৰ হ’ল ATM কাৰ্ড স্কেন কৰিব পৰা মেচিন, চিচি কেমেৰা, ৩২ জিবিৰ তথ্য সংগ্ৰহ কৰিব পৰা মেম’ৰী কাৰ্ড। এজন লোকে ধন উলিওৱাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা। লোকজনে ততাতৈয়াকৈ খবৰ দিয়ে হাতীগাঁও আৰক্ষী আৰু বেংক কৰ্তৃপক্ষক। উল্লেখযোগ্য যে ২৩ আগষ্টত দিশপুৰত এনেধৰণৰ প্ৰথমটো মেচিন সংযোগ কৰিছিল SBIৰ ATMত।
এইপৰ্যন্ত গুৱাহাটীৰ দুটা ATMৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে গোপন কেমেৰা। আৰক্ষীৰ মতে, মুম্বাই আৰু দিল্লীৰ পৰা দুষ্টচক্ৰই সংঘটিত কৰিছে এই কাম। অসমৰ গ্ৰাহকৰ একাউণ্টৰ ধন মুম্বাইত উলিওৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। মুম্বাইৰ উক্ত বেংকৰ CCTV ভিজুৱেল বিচাৰিছে আৰক্ষীয়ে।
ATMত CCTV কেমেৰা সংযোগ কৰা দুষ্টচক্ৰক চিনাক্ত কৰা বুলিও সদৰি কৰিছে আৰক্ষীয়ে। দুষ্টচক্ৰই গুৱাহাটীৰ বেংকৰ পৰা প্ৰায় ১৬ লাখ টকা ইতিমধ্যে হৰলুকী কৰিছে। এই সন্দৰ্ভত গুৱাহাটীৰ দিছপুৰ, পল্টন বজাৰ, হাতীগাঁও আৰু লতাশিল থানাত ৰুজু হৈছে ৪৫টা গোচৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 03, 2019, 14:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।