உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বন্ধ হ'ব পাৰে CWRC! কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে অৰ্থ সংকটত ভুগিছে কেন্দ্ৰটো

    বন্ধ হ'ব পাৰে CWRC! কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে অৰ্থ সংকটত ভুগিছে কেন্দ্ৰটো

    বৰ্তমান কেন্দ্ৰটোত ৭টা গঁড় পোৱালি,৭টা হাতী পোৱালি, ২টা নাহৰফুটুকীকে ধৰি বহুকেইটা বন্যপ্ৰাণী প্ৰতিপালিত হৈ আছে৷

    বৰ্তমান কেন্দ্ৰটোত ৭টা গঁড় পোৱালি,৭টা হাতী পোৱালি, ২টা নাহৰফুটুকীকে ধৰি বহুকেইটা বন্যপ্ৰাণী প্ৰতিপালিত হৈ আছে৷

    বৰ্তমান কেন্দ্ৰটোত ৭টা গঁড় পোৱালি,৭টা হাতী পোৱালি, ২টা নাহৰফুটুকীকে ধৰি বহুকেইটা বন্যপ্ৰাণী প্ৰতিপালিত হৈ আছে৷

    • Share this:
    উত্তৰ–পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা বোকাখাত পাণবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ, প্ৰতিপালন তথা পুনৰ সংস্থাপন কেন্দ্ৰটো বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে৷ কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ পৰা তেনে আশংকাই প্ৰকাশ কৰিছে ৷ ২০০১ চনত প্ৰতিষ্ঠা হোৱা কেন্দ্ৰটো অসম চৰকাৰৰ বন বিভাগৰ সহযোগত পৰিচালনা কৰে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই আৰু পুঁজিৰ যোগান ধৰে আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা IFFAIই৷

    কিন্তু বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কোভিড–১৯ৰ বাবে বিশ্ব অৰ্থনিতীৰ ৰাজহাড় ভাঙি পৰিছে৷ জনসাধাৰণ তথা বিভিন্ন সংস্থাৰ অনুদানেৰে চলা কেন্দ্ৰটো হয়তো অৰ্থৰ অভাৱত অহা ৬ মাহৰ ভিতৰত বন্ধ হ’ব পাৰে৷ কেন্দ্ৰটোত প্ৰতিপালিত আৰু চিকিৎসাধীন হৈ থকা বন্যপ্ৰাণীৰ বাবে প্ৰতিদিনে প্ৰায় ২০ হাজাৰ টকাৰ প্ৰয়োজন৷ সেয়েহে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই ৰাইজক দান- বৰঙণিৰ বাবে অনুৰোধ জনাইছে৷ বৰ্তমান কেন্দ্ৰটোত ৭টা গঁড় পোৱালি,৭টা হাতী পোৱালি, ২টা নাহৰফুটুকীকে ধৰি বহুকেইটা বন্যপ্ৰাণী প্ৰতিপালিত হৈ আছে৷
    Published by:Sanjay Kumar Das
    First published: