• Home
  • »
  • News
  • »
  • assam
  • »
  • ৬ সহস্ৰাধিক শালগছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণঃ অৱশেষত গা-লৰিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ, বিকল্প ঠাই বিচাৰি পৰিদৰ্শন

৬ সহস্ৰাধিক শালগছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণঃ অৱশেষত গা-লৰিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ, বিকল্প ঠাই বিচাৰি পৰিদৰ্শন

অৱশেষত গা লৰিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। দল-সংগঠনৰ প্ৰতিবাদ দেখি এতিয়া বিকল্প পথৰ সন্ধান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

অৱশেষত গা লৰিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। দল-সংগঠনৰ প্ৰতিবাদ দেখি এতিয়া বিকল্প পথৰ সন্ধান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

অৱশেষত গা লৰিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। দল-সংগঠনৰ প্ৰতিবাদ দেখি এতিয়া বিকল্প পথৰ সন্ধান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

  • Share this:
অৱশেষত গা লৰিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। দল-সংগঠনৰ প্ৰতিবাদ দেখি এতিয়া বিকল্প পথৰ সন্ধান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। হোজাই জিলাৰ ডবকা বনাঞ্চলৰ শতবৰ্ষ গৰকা মূল্যবান গছসমূহ ৰক্ষাৰ বাবে বিগত কিছুদিনৰ পৰা বিভিন্ন দল–সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

ৰাষ্টীয় ঘাইপথ নিৰ্মাণৰ নামত প্ৰায় ৬ সহস্ৰাধিক শালগছ কটাৰ পৰিকল্পনা কৰিছিল কৰ্তৃপক্ষই। বিগত ৭ দিনৰ পৰা দল সংগঠনে গছ ৰক্ষাৰ বাবে বিকল্প ঠাইত ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰবল দাবী উত্থাপন কৰাত অৱশেষত শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উচ্চ পদস্থ বিষয়া আৰু বন বিভাগৰৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিকল্প ঠাই পৰিদৰ্শন কৰাত আশাৰ ৰেঙনি দেখা পাইছে ডবকাবাসীয়ে।

উল্লেখ্য যে, গছ কটাৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনে যোৱা সাত-আঠ দিনৰ পৰা ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল। এই সন্দৰ্ভত উত্তৰ অসমৰ বন সংৰক্ষক বিষয়া বংকিম শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, 'বিশেষ চাৰ্ভে একো কৰা  হোৱা নাই। আমি ৰি এলাইনমেনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাধিকৰণক প্ৰোপজ কৰিছিলো। আৰু সেইটো তেওঁলোকে  নিৰীক্ষণ কৰিব। বৰ্তমান গছ কটাৰ কোনো চিন্তা-চৰ্চাও কৰা হোৱা নাই। আপোনালোকক কোনে জনাইছে নাজানো, সেইটো বহু দুৰত্বত।'
Published by:Himangshu Bhuyan
First published: