ইণ্ডেন (Indane), ভাৰত গেছ (Bharat Gas), আৰু এইচপি (HP)ৰ গ্ৰাহকসকলৰ বাবে ভাল খবৰ। এতিয়াৰ পৰা আপুনি অতি সহজে ৰন্ধন গেছ চিলিণ্ডাৰ (LPG Gas Cylinders) বুক কৰিব পাৰিব। হোৱাটছএপ (whatsapp) আৰু এছএমএছ (SMS)ৰ জৰিয়তে মুহূৰ্ততে এলপিজি চিলিণ্ডাৰ বুক কৰিব পাৰিব।
ক'ত বুক কৰিব জানি লওক ...গ্ৰাহকসকলে গেছ এজেঞ্চী বা ডিলাৰৰ সৈতে যোগাযোগ কৰি বুকিং কৰিব পাৰে। ইয়াৰোপৰি আপুনি ৱেবছাইটলৈ গৈ গেছ চিলিণ্ডাৰ বুক কৰিব পাৰে বা কোম্পানীৰ হোৱাটছএপ নম্বৰলৈ মেছেজ প্ৰেৰণ কৰিও ৰন্ধন গেছ চিলিণ্ডাৰ বুক কৰিব পাৰে। ইণ্ডেন, এইচপি আৰু ভাৰতৰ গ্ৰাহকে ৰন্ধন গেছ চিলিণ্ডাৰ হোৱাটছএপৰ জৰিয়তেও সহজে বুক কৰিব পাৰিব।
১. ইণ্ডেন(Indane)ৰ গ্ৰাহক -ইণ্ডেন(Indane)ৰ গ্ৰাহকসকলে ৭৭১৮৯৫৫৫৫৫ নম্বৰত ফোন কৰি ৰন্ধন গেছ চিলিণ্ডাৰ বুক কৰিব পাৰে। আপুনি হোৱাটছএপত REFILL টাইপ কৰি ইয়াক 7588888824 লৈ প্ৰেৰণ কৰি চিলিণ্ডাৰ বুক কৰিব পাৰে। গ্ৰাহকসকলে কেৱল ৰেজিষ্টাৰ্ড ম'বাইল নম্বৰৰ পৰাহে মেছেজ প্ৰেৰণ কৰিব লাগিব।
২. ভাৰত গেছ(Bharat Gas)ৰ গ্ৰাহক -
ভাৰত গেছৰ গ্ৰাহকসকলে গেছ চিলিণ্ডাৰ বুক কৰাৰ বাবে তেওঁলোকৰ ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰ 1800224344ৰ পৰা BOOK বা 1 টাইপ কৰি পঠিয়াব লাগিব। ইয়াৰ পিছত আপোনাৰ বুকিং অনুৰোধ, গেছ এজেঞ্চীয়ে গ্ৰহণ কৰিব আৰু আপুনি আপোনাৰ হোৱাটছএপ নম্বৰত গ্ৰহণ কৰিবলৈ এলাৰ্ট লাভ কৰিব আৰু আপোনাৰ কাম সম্পন্ন হ'ব।
৩. এইচ.পি(HP) গ্ৰাহক -
গ্ৰাহকসকলে ৯২২২২০১১২২ নম্বৰৰ হোৱাটছএপত মেছেজ প্ৰেৰণ কৰি এইচপি গেছ চিলিণ্ডাৰ বুক কৰিব পাৰে। গ্ৰাহকসকলে ৰেজিষ্টাৰ্ড ম'বাইল নম্বৰৰ পৰা বাৰ্তা প্ৰেৰণ কৰিব । আপুনি এই নম্বৰত আন বহু সেৱাৰ বিষয়েও তথ্য লাভ কৰি থাকিব। এইচপি গ্ৰাহকসকলে ইয়াত মেছেজ প্ৰেৰণ কৰি তেওঁলোকৰ এলপিজি কোটা, এলপিজি আইডি, এলপিজি ৰাজসাহায্য আদিৰ বিষয়েও জানিব পাৰিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 10, 2021, 15:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|