হঠাৎ বন্ধ হল BLUE- DART সেৱা; কিন্তু কিয়?

News18 Assam | News18-Assam
Updated:January 4, 2020, 6:09 PM IST
হঠাৎ বন্ধ হল BLUE- DART সেৱা; কিন্তু কিয়?
 শনিবাৰৰ পৰা কায্যকৰী হোৱাকৈ অনিদিষ্ট কাললৈ ৰাজ্যত বন্ধ হল blue-dart সেৱা 

 শনিবাৰৰ পৰা কায্যকৰী হোৱাকৈ অনিদিষ্ট কাললৈ ৰাজ্যত বন্ধ হল blue-dart সেৱা 

  • Share this:
ৰাজ্যৰ অন্যতম কোৰিয়াৰ চাভিৰ্চ হৈছে blue- dart ৷কিন্তু শেহতীয়াকৈ বিতৰ্কৰ মাজত সোমাই পৰি অনিদিষ্ট কাললৈ ৰাজ্যত সেৱা বন্ধ কৰিব বাধ্য হৈছে blue- dart ৷ কোনো ধৰণৰ কাৰণ নোহোৱাকৈ যোৱা ১৭ডিচেম্বৰত blue- dartৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যলয়ত কৰ্মৰত ৮জনকৈ কৰ্মচাৰীক বৰ্খাস্ত কৰিছিল ৷ উপায়বিহীন কৰ্মচাৰীকেইজনে কাষ চাপিছিল মানৱ অধিকাৰৰ লগতে সদৌ অসম একএিত যুৱ পৰিষদ নামৰ সংগঠনটোৰ ওচৰলৈ  ৷দুয়োটা সংগঠনৰ হস্তক্ষেপত শনিবাৰৰ পৰা অসমত অনিদিষ্ট কাললৈ বন্ধ কৰি দিয়া হল blue-dart সেৱা ৷ যি পৰ্যন্ত ৮ জন কৰ্মচাৰীয়ে নিজৰ চাকৰি ঘূৰাই নাপাই সেই পৰ্যন্ত অসমত blue- dart সেৱা বন্ধ থাকিব লাগিব বুলি ঘোষণা কৰে সংগঠন দুটাৰ নেতৃবৰ্গই।
আৰু চাওক
পৰৱৰ্তী বাতৰি