মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰপেটাৰ ভেল্লাত সান্ধ্য আইন ভংগকাৰীৰ বিলৈ। আঁঠু কঢ়াই, বুক ডাউন দিয়াই শাস্তি প্ৰদান প্ৰশাসনৰ।

বৰপেটাৰ ভেল্লাত সান্ধ্য আইন ভংগকাৰীৰ বিলৈ। আঁঠু কঢ়াই, বুক ডাউন দিয়াই শাস্তি প্ৰদান প্ৰশাসনৰ।

জিলাখনত কোভিড পৰিস্থিতি উন্নত নোহোৱাৰ পিছতো একাংশ লোকে কোভিড প্ৰট'ক'ল মানি নচলে। সান্ধ্য আইন নমনাৰ লগতে মাস্ক, ছেনিটাইজাৰ, সামাজিক দূৰত্ব মানি নচলে।

জিলাখনত কোভিড পৰিস্থিতি উন্নত নোহোৱাৰ পিছতো একাংশ লোকে কোভিড প্ৰট'ক'ল মানি নচলে। সান্ধ্য আইন নমনাৰ লগতে মাস্ক, ছেনিটাইজাৰ, সামাজিক দূৰত্ব মানি নচলে।

জিলাখনত কোভিড পৰিস্থিতি উন্নত নোহোৱাৰ পিছতো একাংশ লোকে কোভিড প্ৰট'ক'ল মানি নচলে। সান্ধ্য আইন নমনাৰ লগতে মাস্ক, ছেনিটাইজাৰ, সামাজিক দূৰত্ব মানি নচলে।

  • Share this:
সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে বৰপেটাত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। বৰপেটাৰ ভেল্লাত সান্ধ্য আইন নমনা একাংশ লোকক শাস্তি বিহে প্ৰশাসনে। ভেল্লাত ব্যৱসায়ী, পথচাৰী তথা যান বাহনৰ চালকক আজি আবেলি অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলোৱা, মাস্ক নিপিন্ধাৰ বাবে বিভিন্ন ধৰণে শাস্তি প্ৰদান কৰে। মাস্ক নিপিন্ধি ভেল্লাৰ মাজেৰে পাৰ হোৱা এখন ট্ৰাকৰ চালক, হেণ্ডিমেনসহ পাঁচ জন লোকক ৰখাই ভেল্লা বজাৰ তিনিআলিত আঁঠু কঢ়াই, বুক ডাউন দিয়াই শাস্তি দিয়ে । তাৰ পিছত প্ৰশাসনৰ দলটোৱে তেওঁলোকক মাস্ক বিতৰণ কৰি যাবলৈ দিয়ে ।

জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূছালে জিলাখনৰ বিভিন্ন প্ৰান্তত নিজে গৈ সান্ধ্য আইন পৰিস্থিতিৰ বুজ লয়। সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। মাস্ক নিপিন্ধা বাইক আৰোহীকো সোধা-পোছাৰ অন্তত জৰিমনা বিহে। উল্লেখযোগ্য যে জিলাখনত কোভিড পৰিস্থিতি উন্নত নোহোৱাৰ পিছতো একাংশ লোকে কোভিড প্ৰট'ক'ল মানি নচলে। সান্ধ্য আইন নমনাৰ লগতে মাস্ক, ছেনিটাইজাৰ, সামাজিক দূৰত্ব মানি নচলে। অতি দ্বায়িত্বজ্ঞানহীন একাংশ লোক নিজৰ লগতে অইনৰ জীৱনৰ সুৰক্ষাৰ প্ৰতিও সচেতন নহয়। যাৰ বাবে আৰক্ষী প্ৰশাসনে সেইসকল আইন নমনা লোকৰ বিৰুদ্ধে এনেকৈয়ে শাস্তি দিবলৈ বাধ্য হৈছে বুলি সচেতন মহলে ব্যক্ত কৰে।

উল্লেখ্য যে বৰপেটা জিলাত দেওবাৰে কোৰোণাত আক্ৰান্তৰ হাৰ ০·৭২ শতাংশ। জিলাখনত দেওবাৰে নতুনকৈ ১১ জন লোক কোৰোণাত আক্ৰান্ত হৈছে ৷ আনহাতে কোৰোণাত আক্ৰান্ত এজন ৰোগীৰ মৃত্যু হয়৷  জিলাখনত কোৰোণাত মৃত লোকৰ সংখ্যা ১৩৮ জনলৈ বৃদ্ধি ৷

শেহতীয়া বাতৰি