ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছতে উত্তপ্ত শোণিতপুৰ জিলা, সান্ধ্য আইন জাৰি

News18 Assam | News18-Assam
Updated:August 5, 2020, 11:39 PM IST
ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছতে উত্তপ্ত শোণিতপুৰ জিলা, সান্ধ্য আইন জাৰি
source-google

ঘোষণা কৰিলে জিলা দণ্ডাধীশে

  • Share this:
ৰাম মন্দিৰ ভূমি পূজনৰ পিছতে ক্ৰমাত্‍ উত্তপ্ত হৈ পৰিছে শোণিতপুৰ জিলা। ভূমি পূজনৰ উল্লাসত  ৰেলী কৰি ওলাই অহা বজৰং দলৰ একাংশ নেতাৰ ওপৰত জপিয়াই পৰিছিল একাংশ উত্তেজিত লোকে। জ্বলাই দিছিল কেইবাখনো বাহন। ঠেলামৰাত সংঘটিত হৈছিল এই ঘটনা। আনকি সেই ঠাইতে সন্ধিয়া জিলা উপাযুক্তকো আক্ৰমণৰ অপচেষ্টা কৰিছিল একাংশই।



শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঠেলামৰাৰ লগতে ঢেকীয়াজুলি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলটোত জাৰি কৰা হৈছে সান্ধ্য আইন। বুধবাৰে নিশা ১০ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত বাহাল থাকিব সান্ধ্য আইন।
Published by: Himangshu Bhuyan
First published: August 5, 2020, 11:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি