সান্ধ্য আইন উলংঘা আৰু আন্তঃজিলা যাতায়ত বন্ধ থকা অৱস্থাত সমদলত ভাগলোৱা এঘাৰখন গাড়ীসহ অৰ্ধশতাধিক সমৰ্থকক আটক।
সান্ধ্য আইন উলংঘা আৰু আন্তঃজিলা যাতায়ত বন্ধ থকা অৱস্থাত সমদলত ভাগলোৱা এঘাৰখন গাড়ীসহ অৰ্ধশতাধিক সমৰ্থকক আটক।
সান্ধ্য আইন ভংগ কৰাৰ অভিযোগত টায়ক আৰক্ষীয়ে আটক কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সমৰ্থকৰ ১১খন বাহন। ইমানেই নহয় সেই বাহনত অহা লোকসকলকো কৰিছে আটক। লগতে গাড়ীসহ সমৰ্থকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিঠে টীয়ক আৰক্ষীয়ে।
কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুকলি হৈ আজি সমষ্টিলৈ গৈছিল। নিৰ্বাচনত জয়ী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আজি অখিল গগৈ গৈছে নিজ সমষ্টিলৈ। শিৱসাগৰৰ পৰা আহি অখিলক আদৰণি জনাবলৈ টীয়কৰ হাঁহচৰালৈ আহি সমবেত হোৱা সমৰ্থক সকলক আটক কৰে আৰক্ষীয়ে। সান্ধ্য আইন উলংঘা আৰু আন্তঃজিলা যাতায়ত বন্ধ থকা অৱস্থাত সমদলত ভাগলোৱা এঘাৰখন গাড়ীসহ অৰ্ধশতাধিক সমৰ্থকক আজি বিয়লি আটক কৰে টীয়ক আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|