হাইলাকান্দিত এতিয়া কেনে পৰিৱেশ, ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

ৰাজপথত নামাজক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল হাইলাকান্দিত। আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে ৰাজপথত নামাজ পঢ়াত বাধা আৰোপ কৰা নিৰাপত্তাৰক্ষীৰে সংঘাত।

news18assam
Updated:May 11, 2019, 9:02 AM IST
হাইলাকান্দিত এতিয়া কেনে পৰিৱেশ, ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী
ৰাজপথত নামাজক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল হাইলাকান্দিত। আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে ৰাজপথত নামাজ পঢ়াত বাধা আৰোপ কৰা নিৰাপত্তাৰক্ষীৰে সংঘাত।
news18assam
Updated: May 11, 2019, 9:02 AM IST
চেপা উত্তেজনা অব্যাহত আছে হাইলাকান্দিত। হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি কৰাৰ লগতে বৰাকত প্ৰশাসনে বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাক মুখ্যমন্ত্ৰীয়ে দিছে তদন্তৰ দায়িত্ব। লগতে ফোনযোগেও পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশৰ পাছতে জিলাখনত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্য জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে মিলিত হয় ৰুদ্ধদ্বাৰ বৈঠকত। মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে হাইলাকান্দিত ADGP মুকেশ আগৰৱালা, বৰাক উপত্যকাৰ আয়ুক্ত আনোৱাৰ উদ্দিন চৌধুৰী উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ।

ইফালে জিলাখনত শুকুৰবাৰে সংঘটিত হোৱা ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে লাঠীচালনা আৰু শূন্যলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে। তেনে সময়তে নিৰাপত্তাৰক্ষীৰ গুলী লাগি মৃত্যু ঘটে এজন যুৱকৰ। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক সাবটি লয় জছিম হুছেইন নামৰ যুৱকজনে। বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে তিনিজন আৰক্ষীসহ ১৫জন লোক।

উল্লেখ্য যে ৰাজপথত নামাজক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল হাইলাকান্দিত। আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে ৰাজপথত নামাজ পঢ়াত বাধা আৰোপ কৰা নিৰাপত্তাৰক্ষীৰে সংঘাত। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘাতে হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰে অঞ্চলটোত। ৰাজপথলৈ ওলাই আহে শ শ লোক। হাইলাকান্দিৰ এছ এছ ৰোডত উত্তেজিত জনতাই জ্বলাই দিয়ে কেইবাখনো বাহনকে ধৰি ২০খনৰো অধিক দোকান। নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ পাছতে আৰক্ষীয়ে প্ৰথম লাঠীচালনা কৰাৰ পাছতো পৰিস্থিতি শান্ত নোহোৱাত শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় নিৰাপত্তাৰক্ষীয়ে।

আৰু চাওক পৰৱৰ্তী বাতৰি