অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীয়ে শনিবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত গোষ্ঠীটোৰ ডিচেম্বৰ মাহৰ সাহিত্য আলাপ "বিৰিণা বৈভৱ" আৰু সদ্য প্ৰয়াত কবি সনন্ত তাঁতিৰ "স্মৃতিচাৰণ" অনুষ্ঠান অনুষ্ঠিত কৰে । গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত "বিৰিণা বৈভৱ" আৰু "স্মৃতিচাৰণ" অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে ৷
সদ্য প্ৰয়াত সনন্ত তাঁতিৰ (Poet Sananta Tanti) প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিৰিণা গোষ্ঠী অসমৰ উপদেষ্টা ৰোহিণী কুমাৰ দাসে । সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট সমাজসেৱক দীপক দাসে । অনুষ্ঠানটোত ৰোহিণী কুমাৰ দাস, জিয়াউৰ ৰহমান, খনীন পাঠক,দীপক দাস, বসন্ত ঠাকুৰীয়াই সদ্য প্ৰয়াত কবি সনন্ত তাঁতিক স্মৰণ কৰি তেওঁৰ সৃষ্টিৰাজিৰ লগতে জীৱন- দৰ্শন সম্পৰ্কত আলোকপাত কৰা কৰে।
বিৰিণা গোষ্ঠী অসমে বৰ্ষপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰি অহা 'বিৰিণা সাহিত্য বঁটা' আৰু 'বিৰিণা সংবাদ প্ৰহৰী বঁটা' প্ৰাপকৰ নাম উক্ত সভাতেই ঘোষণা কৰা হয় । ২০২২ বৰ্ষৰ বিৰিণা সাহিত্য বঁটাৰ বাবে বিশিষ্ট সাহিত্যিক-গৱেষক ড° দয়ানন্দ পাঠক (Dr° Dayananda Pathak) আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটাৰ বাবে বিশিষ্ট সাংবাদিক তথা নিউজ১৮ নৰ্থ-ইষ্ট চেটেলাইট চেনেলৰ এচোছিয়েট এডিটৰ তুলিকা দেৱী( journalist Tulika Devi)ৰ নাম নিৰ্বাচন কৰা হয় ।
উক্ত বঁটা অহা ৩০ জানুৱাৰীত নলবাৰী জিলাৰ দৌলাশালত অনুষ্ঠিত হ'বলগীয়া বিৰিণা গোষ্ঠী অসমৰ সপ্তম বৰ্ষপূৰ্ণ অনুষ্ঠানৰ মুকলি সভাত প্ৰদান কৰা হ'ব বুলি গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানে জানিবলৈ দিয়ে।
বিৰিণা গোষ্ঠী (Birina Goshthi) অসমৰ উপ-সভাপতি তথা চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত নলবাৰী আৰু বৰপেটা জিলাৰ জেহেৰুল ইছলাম, ৰমণী নাথ, সুৰজিৎ পাঠক, ছাহজাহান আলী, বাবুল বণিক্য, ললিতা দাস, শ্যামলিমা বণিক্য, জয়ন্ত ডেকা, আতিকুৰ ৰহমান, খঞ্জনজ্যোতি পাঠক, চেলিম মালিক, পংকজ বৰ্মন, কুলদীপ পাঠক, অঞ্জন বৰ্মন, বনজিৎ বৈশ্য, সুৱৰ্ণা বৈশ্য, দিলীপ তালুকদাৰ, নৱ কুমাৰ কলিতা, ৰূপাঞ্জলি চৌধুৰী, চানবৰ আলী, দেৱজিৎ নাথ, মনজিৎ বৰ্মনকে আদি কৰি কেইবাগৰাকী নবীন-প্ৰবীণ কবিয়ে গীত-কথা-কবিতাৰে অনুষ্ঠানটোক জীপাল কৰি তোলে । শলাগৰ শৰাই আগবঢ়াই বিৰিণা গোষ্ঠী অসমৰ সহযোগী সম্পাদক ৰমণী নাথে । অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|