• Home
  • »
  • News
  • »
  • assam
  • »
  • Bishnu Rabha Divas 2022: ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস, ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

Bishnu Rabha Divas 2022: ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস, ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনুংলা আয়াৰলৈ 'কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা'

নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনুংলা আয়াৰলৈ 'কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা'

নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনুংলা আয়াৰলৈ 'কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা'

  • Share this:
কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপনক লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদ মেল সম্বোধন কৰে।

বৰাই উল্লেখ কৰে যে ৰবীন্দ্ৰ ভৱনত চৰকাৰীভাৱে কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন কৰাৰ কথা আছিল যদিও এইবাৰ ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত হ'ব বিষ্ণু ৰাভা দিৱস।

তেওঁ লগতে এইবাৰ বিষ্ণু ৰাভা দিৱসত সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা প্ৰদান কৰাৰ কথাও উল্লেখ কৰে (Bishnu Rabha Divas 2022)।

সেই অনুসৰি নৃত্য-পটীয়সী শাৰদী শইকীয়া আৰু চিত্ৰশিল্পী চন্দ্ৰকমল গগৈলৈ 'বিষ্ণু ৰাভা বঁটা' প্ৰদান কৰা হ'ব।

আনহাতে, নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনুংলা আয়াৰলৈ 'কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা',  গৱেষক-পণ্ডিত ড০ নৰেন কলিতালৈ 'কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা', লোকতত্ত্ববিদ ড০ অমলেন্দু ভট্টাচাৰ্যলৈ 'আজান পীৰ ৰাষ্ট্ৰীয় বঁটা', বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ 'পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা', লেখিকা ইলা বৰগোহাঁইলৈ 'অমলপ্ৰভা দাস বঁটা', লীলাৱতী কুশ্ৰেলৈ 'চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা', ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ 'মামণি ৰয়ছম গোস্বামী বঁটা', সাহিত্যিক ছবিলাল উপাধ্যায়লৈ 'চৈয়দ আব্দুল মালিক বঁটা', অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ 'আহমদ আলী বাঁশকান্দি বঁটা', কবি বংশী বৰালৈ 'গণেশ গগৈ বঁটা', সমাজ সেৱক হেমন্ত গোহাঁইলৈ 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা', নৃত্যশিল্পী ননী বৰুৱালৈ 'শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা' প্ৰদান কৰা হ'ব।

সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটাসমূহ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Published by:Gautam Barman
First published: