ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ১০ গৰাকী যুৱতী সহ ৫ জন যুৱক

News18 Assam | News18-Assam
Updated:July 21, 2021, 9:56 AM IST
ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ১০ গৰাকী যুৱতী সহ ৫ জন যুৱক
আৰক্ষীয়ে আটক কৰা মহিলাগৰাকীৰ নাম চাবিনা নায়ক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা মহিলাগৰাকীৰ নাম চাবিনা নায়ক বুলি জানিব পৰা গৈছে।

  • Share this:
ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ১० গৰাকী যুৱতীসহ ৫ জন যুৱকক উদ্ধাৰ কৰা হৈছে। ৰঙিয়া ষ্টেচনত টহলদাৰী আৰপিএফে অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কৱলৰ উদ্ধাৰ কৰে যুৱক-যুৱতীসকলক। লগতে মানৱ সৰবৰাহৰ লগত জড়িত এগৰাকী মহিলাকো আটক কৰিবলৈ সক্ষম হয় আৰপিএফে। উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিন্দুগুৰীত।

আৰক্ষীয়ে আটক কৰা মহিলাগৰাকীৰ নাম চাবিনা নায়ক বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰীয়ে আটাইকেইজনক মুম্বাইৰ মাছৰ কোম্পানী এটাত কাম কৰাৰ প্ৰলোভনেৰে নিবলৈ ওলোৱা মুহূৰ্তত আৰপিএফে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত সৰবৰাহকাৰীসহ উদ্ধাৰ কৰা আটাইকেইজনক জিআৰপি থানাত চমজাই দিয়ে। উল্লেখ্য যে, লকডাউনৰ সময়ত দৰিদ্ৰতাৰ সুযোগলৈ একাংশ কিশোৰ-কিশোৰীক মানৱ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে ।
Published by: Himangshu Bhuyan
First published: July 21, 2021, 9:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি