জম্মু–কাশ্মীৰত শ্বহীদ নলবাৰীৰ নিৰোদ শৰ্মা, ২০ লাখ টকাৰ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ

সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশ সেৱাত নিয়োজিত নিৰোদ শৰ্মা বিগত ১০ বছৰ ধৰি আছিল জম্মু–কাশ্মীৰত।

news18assam
Updated:June 13, 2019, 10:09 AM IST
জম্মু–কাশ্মীৰত শ্বহীদ নলবাৰীৰ নিৰোদ শৰ্মা, ২০ লাখ টকাৰ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ
সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশ সেৱাত নিয়োজিত নিৰোদ শৰ্মা বিগত ১০ বছৰ ধৰি আছিল জম্মু–কাশ্মীৰত।
news18assam
Updated: June 13, 2019, 10:09 AM IST
জম্মু–কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হ’ল নলবাৰীৰ নিৰোদ শৰ্মা নামৰ CRPFৰ বিষয়াজন। শ্বহীদ বিষয়াজনৰ ঘৰ নলবাৰীৰ বৰমাৰ দহকাউনীয়াত। ১১৬নং চি আৰ পি এফ বেটেলিয়নৰ B (ব্ৰেভো) কোম্পানীৰ সহকাৰী উপ–পৰিদৰ্শক আছিল নিৰোদ শৰ্মা। ১৯৯১ চনত চি আৰ পি এফত যোগদান কৰিছিল শ্বহীদ বিষয়াগৰাকীয়ে। সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশ সেৱাত নিয়োজিত নিৰোদ শৰ্মা বিগত ১০ বছৰ ধৰি আছিল জম্মু–কাশ্মীৰত। ২০০৪ চনত টিহুৰ শিয়ালমাৰীৰ জোনালী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নিৰোদ শৰ্মা। দুই কন্যা দীক্ষিতা আৰু হিমাংগী বৰ্তমান বৰমাৰ শংকৰদেৱ শিশু নিকেতনত পঢ়ি আছে।

দেশৰ বাবে প্ৰাণ দিয়া নিৰোদ শৰ্মাৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। তদুপৰি নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব শেষকৃত্য। নলবাৰীৰ জিলা উপায়ুক্তই জনালে এই কথা।

শ্বহীদ নিৰোদ শৰ্মাৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশ। এই খবৰে মৰ্মাহত কৰিছে অঞ্চলবাসীকো।
আৰু চাওক পৰৱৰ্তী বাতৰি