অসম পালেহি মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ

মানবন্দৰৰ পৰা CRPFৰ পৰিদৰ্শক দিলীপ কুমাৰ দাসৰ নশ্বৰদেহ পোনে পোনে মহানগৰীৰ ধাৰাপুৰস্থিত 175 নম্বৰ CRPF কেম্পলৈ লৈ অনা হয়।
মানবন্দৰৰ পৰা CRPFৰ পৰিদৰ্শক দিলীপ কুমাৰ দাসৰ নশ্বৰদেহ পোনে পোনে মহানগৰীৰ ধাৰাপুৰস্থিত 175 নম্বৰ CRPF কেম্পলৈ লৈ অনা হয়।
- News18 Assam
- Last Updated: April 6, 2021, 10:35 AM IST
ধাৰাপুৰৰ কেম্পতে CRPFৰ উচ্চপদস্থ বিষয়া, অসম আৰক্ষীৰ বিষয়া আৰু জোৱান সকলে ৰাষ্ট্ৰীয় মৰ্যদাৰে শ্বহীদ দিলীপ কুমাৰ দাসলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ সৰুপেটাস্থিত নিজ বাসগৃহলৈ লৈ যোৱা হয়।
উল্লেখ্য যে, মাওবাদীৰ বিৰুদ্ধে ছত্তীশগড় চৰকাৰে আৰম্ভ কৰা কঠোৰ অভিযানৰ সময়তে শ্বহীদ হৈছিল অসমৰ এইগৰাকী বীৰ সন্তান।