মেগজিন জমা দিয়াক লৈ দুই CRPF জোৱানৰ মাজত সংঘাত হৈছিল। ৰাইফলৰ এটা মেগজিন জমা নিদিয়াক লৈ প্ৰাঞ্জল দত্তৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল বিজয় মিশ্ৰ।।
মেগজিন জমা দিয়াক লৈ দুই CRPF জোৱানৰ মাজত সংঘাত হৈছিল। ৰাইফলৰ এটা মেগজিন জমা নিদিয়াক লৈ প্ৰাঞ্জল দত্তৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল বিজয় মিশ্ৰ।।
নগাঁৱ (Nagaon)ৰ কাটিমাৰীস্থ চিআৰপিএফ (CRPF) কেম্পত দুজন CRPF জোৱানৰ মাজত হোৱা গুলীয়াগুলীৰ ফলত বিজয় কুমাৰ মিশ্ৰ নামৰ এজন জোৱান নিহত হোৱাৰ লগতে প্ৰাঞ্জল দত্ত নামৰ আন এজন জোৱান গুৰুতৰভাৱে আহত হৈছে।
জানিব পৰা মতে, বুধবাৰে নিশা কৰ্তব্য সামৰি নিজৰ অস্ত্ৰ জমা দিবলৈ গৈছিল বিজয় মিশ্ৰ নামৰ জোৱানজন। সেইসময়ত অস্ত্ৰাগাৰৰ দায়িত্বত আছিল প্ৰাঞ্জল দত্ত নামৰ CRPFৰ জোৱানগৰাকী। মিশ্ৰই নিজৰ ৰাইফলৰ এটা মেগজিন জমা নিদিয়াক লৈ প্ৰাঞ্জল দত্তৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। ইয়াৰ পিছতে বিজয় মিশ্ৰ নামৰ জোৱানজনে প্ৰাঞ্জল দত্তলৈ গুলীচালনা কৰে। ফলত প্ৰাঞ্জল দত্ত ভৰিত গুলীবিদ্ধ হয়। ইয়াৰ পিছতে নিজৰ ইনচাছ ৰাইফলৰে বিজয় মিশ্ৰই নিজৰ মূৰত গুলী কৰি আত্মহত্যা কৰে।
ইতিমধ্যে, আহত প্ৰাঞ্জল দত্তক গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH)লৈ প্ৰেৰণ কৰা হৈছে। আহত প্ৰাঞ্জল দত্তৰ ঘৰ যোৰহাটত হোৱাৰ বিপৰীতে নিহত বিজয় মিশ্ৰৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত CRPFৰ IGP পৰ্যায়ৰ বিষয়াৰ লগতে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা উপস্থিত হৈ ঘটনাৰ বুজ লয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|