অসম পালেহি নক্সালৰ এম্বুছত ছত্তীশগড়ত শ্বহীদ অসমৰ বাবলু ৰাভাৰ নশ্বৰদেহ
ধাৰাপুৰৰ CRPF কেম্পত CRPF ৰ উচ্চপদস্থ বিষয়া আৰু জোৱান সকলে ৰাষ্টীয় মৰ্যাদাৰে শ্বহীদ বাবলু ৰাভাক শ্ৰদ্ধাঞ্জলি জনায়
ধাৰাপুৰৰ CRPF কেম্পত CRPF ৰ উচ্চপদস্থ বিষয়া আৰু জোৱান সকলে ৰাষ্টীয় মৰ্যাদাৰে শ্বহীদ বাবলু ৰাভাক শ্ৰদ্ধাঞ্জলি জনায়
- News18 Assam
- Last Updated: April 4, 2021, 7:45 PM IST
শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলা তাৰৰেম অঞ্চলৰ ঘন জংঘল আৰু পাহাৰীয়া এলেকাত নক্সালবাদীৰ সৈতে হোৱা CRPFৰ গুলীয়াগুলীত নিৰাপত্তা বাহিনীৰ ৫ জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী মহিলা নিহত হৈছিল ৷ এই সংঘৰ্ষতে শ্বহীদ হয় অসমৰ দুধনৈৰ বাবলু ৰাভা নামৰ জোৱানগৰাকী।
বাবলু ৰাভাৰ ঘৰ অসমৰ দুধনৈৰ নিকটৱৰ্তী দামৰাৰ পাটপাৰাত ৷ ৯ বছৰ পূৰ্বে চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নত যোগ দিছিল বাবলুয়ে ৷ যোৱা ডিচেম্বৰ মাহত শেষ বাৰৰ বাবে ঘৰলৈ আহিছিল বাবলু ৷ শ্বহীদ বাবলু ৰাভাই এৰি গৈছে পত্নীসহ এগৰাকী ৭ বছৰীয়া কন্যা।












