• Home
  • »
  • News
  • »
  • assam
  • »
  • পেট্ৰ’ল পাম্প বা এল পি জি গেছ এজেন্সীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত কোটি টকা লুট, অৰুণাচল আৰক্ষীৰ জালত অসমৰ প্ৰৱঞ্চক দীপজ্যোতি দাস

পেট্ৰ’ল পাম্প বা এল পি জি গেছ এজেন্সীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত কোটি টকা লুট, অৰুণাচল আৰক্ষীৰ জালত অসমৰ প্ৰৱঞ্চক দীপজ্যোতি দাস

অসম আৰু অৰুণাচলৰ পৰা প্ৰতাৰণা কৰি সংগ্ৰহ কৰা মুঠ ধনৰাশি হৈছে ২.৫ কোটি টকা।

অসম আৰু অৰুণাচলৰ পৰা প্ৰতাৰণা কৰি সংগ্ৰহ কৰা মুঠ ধনৰাশি হৈছে ২.৫ কোটি টকা।

অসম আৰু অৰুণাচলৰ পৰা প্ৰতাৰণা কৰি সংগ্ৰহ কৰা মুঠ ধনৰাশি হৈছে ২.৫ কোটি টকা।

  • Share this:
অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে গুৱাহাটীৰ পৰা প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ লগতে বহু কোটি টকাৰ কেলেংকাৰিৰ অপৰাধত অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত সানপাৰা গাঁৱৰ দীপজ্যোতি দাস (৩০)ক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

অৰুণাচল আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক অৱগত কৰি বিশেষ তদন্তকাৰী দলৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে কয়, ''দীপজ্যোতি দাসে ভাৰতীয় তৈল নিগম লিমিটেড (আই অ’ চি এল)ৰ কৰ্মচাৰীৰ ৰূপ লৈ অসম আৰু অৰুণাচলক লক্ষ্য কৰি লৈছিল আৰু আই অ’ চি এলত চাকৰিৰ সুযোগৰ সন্ধানত থকা যুৱক–যুৱতীসকলক জালত পেলাইছিল।”

সিঙে কয় যে দাসে পেট্ৰ’ল পাম্প আৰু এল পি জি গেছ এজেন্সীৰ বাবে অনুজ্ঞাপত্ৰও ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল, যাৰ বাবে তেওঁৰ সৈতে যোগাযোগত থকা নিৰীহ লোকসকলৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

এতিয়ালৈকে দাসে প্ৰায় ৩১জন লোকৰ সৈতে যোগাযোগ কৰিছিল বুলি জনায়। অৰুণাচলৰ এজন ব্যক্তিৰ পৰা ইতিমধ্যে ৫০ লাখ টকা প্ৰতাৰণা কৰাৰ লগতে আন এঠাইত ১.১৮ কোটি টকা আৰু অসম আৰু অৰুণাচলৰ পৰা প্ৰতাৰণা কৰি সংগ্ৰহ কৰা মুঠ ধনৰাশি হৈছে ২.৫ কোটি টকা।

ইতিমধ্যে এছ আই টিয়ে দাসৰ পৰা ৭,১৪,০০০ লাখ টকা জব্দ কৰিছে। লগতে এটা অট্টালিকা চিনাক্ত কৰে, যিটো জালিয়তিৰ উপাৰ্জনেৰে নিৰ্মাণ কৰিছে। ইতিমধ্যে নথি-পত্ৰ প্ৰস্তুত কৰি আদালতত চাৰ্জশ্বীট দাখিল কৰা হৈছে আৰু আন ৩০ জন লোকৰ অভিযোগ মৰ্মে পুনৰ তদন্তৰ কৰি অতিৰিক্ত চাৰ্জশ্বীটো দাখিল কৰা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

অভিযুক্তই প্ৰতাৰিত ধনেৰে নিৰ্মাণ কৰা এটা অট্টালিকাক লৈ আদালতত আবেদন দাখিল কৰা হৈছে বুলি আৰক্ষী অধীক্ষকজনে জনায়। ‘এছ আই টিয়ে আৰু চাৰিজন লোককো নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজন হ’লে উপযুক্ত তদন্তৰ পিছত তেওঁলোককো আইন অনুসৰি গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।’ এছ পিয়ে  কয়।

অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ নং-8/22 u/s-419, 420, 468, 120B IPC ত ৰুজু কৰা হৈছে আৰু তদন্ত এতিয়াও চলি আছে। অভিযুক্তৰ পৰা দুটা ফোন, ৭ খন ডেবিট কাৰ্ড, ১ খন পেন কাৰ্ড, ১ খন ড্ৰাইভিং লাইচেন্স, আই অ’ চি এলৰ ১ খন আই ডি কাৰ্ড আৰু অন্যান্য অভিযোগনামা জব্দ কৰা হৈছে বুলিও তেওঁ লগতে কয়। তেওঁ লগতে সকলোকে নিয়োগ আৰু আঁচনিৰ নামত এনে লোকৰ দ্বাৰা প্ৰলোভিত নহ’বলৈ আহ্বান জনায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি