সোণাৰিৰ ভজো টিয়ক গাঁৱৰ নিবাসী ৰাকেশ দেবনাথ আৰু লক্ষী দেবনাথৰ পুত্ৰ নয়ন কুমাৰ দেবনাথক প্ৰয়োজন সকলোৰে সহায়ৰ।
সোণাৰিৰ ভজো টিয়ক গাঁৱৰ নিবাসী ৰাকেশ দেবনাথ আৰু লক্ষী দেবনাথৰ পুত্ৰ নয়ন কুমাৰ দেবনাথক প্ৰয়োজন সকলোৰে সহায়ৰ।
এজন ১৪ বছৰীয়া কিশোৰ যি নিজৰ সমনিয়াৰ লগত খেলিব নোৱাৰে, বন্ধুৰ লগত চাইকেল চলাব নোৱাৰে কাৰণ এই কিশোৰজন এক জটিল ৰোগত আক্ৰান্ত। জন্মৰ পৰাই পেটৰ নাড়ীৰ পৰা নিৰ্গত হৈ থাকে তেজ যাৰ বাবে বহু যান্ত্ৰণা ভুগিব লগা হৈছে নয়ন কুমাৰ দেবনাথ নামৰ এই কিশোৰজনে ।
সোণাৰিৰ ভজো টিয়ক গাঁৱৰ নিবাসী ৰাকেশ দেবনাথ আৰু লক্ষী দেবনাথৰ পুত্ৰ নয়ন কুমাৰ দেবনাথক প্ৰয়োজন সকলোৰে সহায়ৰ। অতি দৰিদ্ৰ পৰিয়ালৰ নয়নৰ চিকিৎসাৰ বাবেও নাই পিতৃ-মাতৃৰ সামৰ্থ। ৰাজনৈতিক নেতাৰ দুৱাৰে দুৱাৰে সহায় বিচাৰি গৈ ভাগৰি পৰা নয়ন কুমাৰ দেবনাথৰ অভিভাৱকৰ এতিয়া ৰাইজলৈ আহ্বান অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় লক্ষাধিক টকা যোগাৰ কৰাত যেন সহায় কৰে সকলোৱে
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|