உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ধিঙত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত জয়নাল আ‍বেদিন

    ধিঙত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত জয়নাল আ‍বেদিন

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    নগাঁও আৰক্ষী আৰু ধিং আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু ডকাইতৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত মৃত্যু হয় জয়নালৰ ৷

    • Share this:
    ধিঙৰ বৰভেটিত পুৱতিনিশা আৰক্ষীৰ গুলীত নিহত হয় কুখ্যাত অপৰাধী। নিহত অপৰাধীটো ধিঙৰ শালকাটিৰ জয়নাল আবেদিন। নগাঁও আৰক্ষী আৰু ধিং আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু ডকাইতৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত মৃত্যু হয় জয়নালৰ ৷ উদ্ধাৰ কৰা হৈছে মাৰণাস্ত্ৰ৷

    ডকাইতি, চুৰি, ড্ৰাগছ, ধনদাবী, হত্যাৰ লগতে বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল জয়নাল আবেদিন। নগাৱঁৰ এটা ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু দুৰ্ধৰ্ষ ডকাইতটোৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত নিহত হয় অপৰাধীটো।
    Published by:Sanjay Kumar Das
    First published: