• Home
  • »
  • News
  • »
  • assam
  • »
  • দুটা দশক ধৰি বহু জঘন্য অপৰাধৰ সৈতে জড়িত দাগী অপৰাধী বুবু কোঁৱৰ, চাওক বুবু কোঁৱৰৰ অপৰাধৰ তালিকা

দুটা দশক ধৰি বহু জঘন্য অপৰাধৰ সৈতে জড়িত দাগী অপৰাধী বুবু কোঁৱৰ, চাওক বুবু কোঁৱৰৰ অপৰাধৰ তালিকা

অবৈধভাৱে নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰলৈ মাৰণাস্ত্ৰ সৰবৰাহকে ধৰি বহু অপৰাধত অভিযুক্ত আছিল কুখ্যাত অপৰাধীটো।

অবৈধভাৱে নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰলৈ মাৰণাস্ত্ৰ সৰবৰাহকে ধৰি বহু অপৰাধত অভিযুক্ত আছিল কুখ্যাত অপৰাধীটো।

অবৈধভাৱে নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰলৈ মাৰণাস্ত্ৰ সৰবৰাহকে ধৰি বহু অপৰাধত অভিযুক্ত আছিল কুখ্যাত অপৰাধীটো।

  • Share this:
আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হ’ল বহু জঘন্য অপৰাধৰ সৈতে জড়িত দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰ। অসম-নগালেণ্ড সীমান্তৰ গেলেকীত অসম আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষ মৃত্যু হয় অপৰাধীজনৰ৷ বুবু কোঁৱৰৰ বিৰুদ্ধে আছে বহু জঘন্য অপৰাধৰ গোচৰ। ৪২টা হত্যাকাণ্ড সংঘটিত কৰা নিজেই স্বীকাৰ কৰিছিল এইজন বুবু কোঁৱৰে। আন জিলা বাদেই, কেৱল শিৱসাগৰ জিলাতে বুবু কোঁৱৰৰ নামত ৰুজু হৈ আছে ১৪টা গোচৰ৷

দুই দশক ধৰি হত্যা, চুৰি, অপহৰণ, অস্ত্ৰ, ড্ৰাগছ সৰবৰাহকে ধৰি বহু জঘন্য অপৰাধৰ সৈতে জড়িত কুখ্যাত বুবু কোঁৱৰ। গেলেকীত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় আমগুৰি ৰতনপুৰীয়া গাঁৱৰ নিবাসী লোহিত কোঁৱৰৰ কুলাংগাৰ পুত্ৰ বুবু কোঁৱৰ। কুখ্যাত বুবু কোঁৱৰৰ অপৰাধৰ তালিকা যথেষ্ট দীঘল।

বুবু কোৱৰৰ অপৰাধৰ তালিকা :

► ২০০০ চনত বুবু কোঁৱৰে আমগুৰিৰ ড° চৈয়দ আটিকুল হক নামৰ এজন ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰি লুটি নিছিল সোণৰ চেইন, নগদ ধন।

► ২০০১ চনত আমগুৰি ৰে’ল ষ্টেচনত এখন ট্ৰেইনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বুবু কোঁৱৰক। সেই সময়তো বুবু কোঁৱৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা পিষ্টল, মেগজিন আৰু সজীৱ গুলী।

► ২০০২ চনত বুবু কোঁৱৰে গৌৰীসাগৰ আৰক্ষী থানা অন্তৰ্গত টেপৰ গাঁৱৰ নিবাসী সুৰেণ খনিকৰৰ এখন মাৰুটি কাৰ চুৰি কৰি গৌৰীসাগৰ আৰক্ষীৰ জালত পৰে। কিন্তু জে’লৰ পৰা ওলায়েই শিৱসাগৰ জিলাৰ ঝাজী গড়মূৰৰ বিপণী চন্দ্ৰ বৰকাকটীৰ মাৰুতি ৮০০খন বন্দুক দেখুৱাই কাঢ়ি নিছিল বুবু কোঁৱৰে। ২০০২ চনৰ শেষৰফালে পুনৰ বুবু কোঁৱৰক গুৱাহাটীৰ মালিগাঁও আৰক্ষীয়ে আটক কৰে।

► ২০০৬ চনত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ প্ৰশান্ত খনিকৰ নামৰ ব্যক্তিজনৰ এখন কাৰ চুৰিৰ অভিযোগতো অভিযুক্ত হৈছিল বুবু।

► ২০০৮ চনৰ আগষ্টত আমগুৰি সমষ্টিৰ (হালোৱাটিং আৰক্ষী থানা অন্তৰ্গত) জনপ্ৰিয় কংগ্ৰেছ নেতা হেমন্ত বৰুৱা হত্যাকাণ্ডতো জড়িত আছিল কুখ্যাত বুবু কোঁৱৰ।

► ৰাজ্য কপোঁৱা হেমন্ত বৰুৱা হত্যাকাণ্ডৰ পাছত ২০০৯ চনৰ ১ জানুৱাৰীত শিৱসাগৰ আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীৰ যুটীয়া অভিযানত কৰায়ত্ত হয় বুবু।

► জে’লৰ পৰা ওলায়েই পুনৰ ২০১০ চনত শিৱসাগৰ বেতবাৰীৰ প্ৰশান্ত বৰুৱা নামৰ ব্যক্তিজনৰ হত্যাৰ অভিযোগতো অভিযুক্ত হৈছিল বুবু কোঁৱৰ।

► শিৱসাগৰ চেৰেকাপাৰৰ অনিল জেইন নামৰ এজন ব্যক্তিৰ অপহৰণতো বুবু কোঁৱৰ অভিযুক্ত হৈছিল।

► ২০১২ চনত যোৰহাটৰ কৈলাশ আগৰৱালা গিন'ৰিয়াৰ হত্যাকাণ্ডতো জড়িত আছিল বুবু কোঁৱৰ।

► ২০১৪ চনত ডি এন গগৈ নামৰ প্ৰধান শিক্ষক আৰু চিকিৎসক মৃদুল বৰুৱাৰ হত্যাতো বুবু কোঁৱৰৰ নাম সাঙোৰ খাইছিল।

► ২০১৫ চনৰ ২৯ আগষ্টত গুৱাহাটীৰ নুনমাটীৰ ধীৰাজ তালুকদাৰ নামৰ গাড়ী চালকজনৰ হত্যাতো অভিযুক্ত বুবু কোঁৱৰ।

► ২০১৮ চনত গুৱাহাটীৰ জুনু শৰ্মা নামৰ মহিলা বেংক বিষয়াগৰাকীৰ হত্যাৰ অভিযোগতো অভিযুক্ত বুবু কোঁৱৰ।

► সৰবৰাহকে ধৰি বহু অপৰাধত অভিযুক্ত আছিল কুখ্যাত বুবু কোঁৱৰ।

► ২০১৯ চনৰ জুলাইত গুৱাহাটীৰ ডাউন টাউনত বাইক চুৰি কৰিবলৈ গৈয়ো দিছপুৰ আৰক্ষীৰ জালত পৰিছিল কুখ্যাত অপৰাধীটো।

► চলিত বৰ্ষৰ যোৱা মাৰ্চ মাহত ব্ৰাউন চুগাৰসহ যোৰহাটত গ্ৰেপ্তাৰ হৈছিল বুবু কোঁৱৰ।

ইয়াৰ উপৰিও অবৈধভাৱে নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰলৈ মাৰণাস্ত্ৰ সৰবৰাহকে ধৰি বহু অপৰাধত অভিযুক্ত আছিল কুখ্যাত অপৰাধীটো। যোৱা মে' মাহৰ শেষত জামিনত মুকলি হৈ অহাৰ পিছত পুনৰ ড্ৰাগছৰ বেহাত জড়িত হৈ পৰে আৰু অৱশেষত বুধবাৰে সন্ধিয়া আৰক্ষীৰ গুলীত নিহত হয়।
Published by:Sanjay Kumar Das
First published: