• Home
  • »
  • News
  • »
  • assam
  • »
  • ১৬ বছৰ বয়সৰ পৰাই জড়িত হৈছিল অপৰাধমূলক কামত, কেনেকৈ নিহত হ’ল দাগী অপৰাধী বুবু কোঁৱৰ?

১৬ বছৰ বয়সৰ পৰাই জড়িত হৈছিল অপৰাধমূলক কামত, কেনেকৈ নিহত হ’ল দাগী অপৰাধী বুবু কোঁৱৰ?

এতিয়াও অঞ্চলটোত স্কুটীত অহা আনজন আৰোহীক বিচাৰি অভিযান অব্যাহত আছে৷

এতিয়াও অঞ্চলটোত স্কুটীত অহা আনজন আৰোহীক বিচাৰি অভিযান অব্যাহত আছে৷

এতিয়াও অঞ্চলটোত স্কুটীত অহা আনজন আৰোহীক বিচাৰি অভিযান অব্যাহত আছে৷

  • Share this:
দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰৰ মৃত্যু। অসম-নগালেণ্ড সীমান্তৰ গেলেকীত অসম আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষ মৃত্যু হয় অপৰাধীজনৰ৷ ৰাজ্যৰ আন আন জিলা বাদেই, কেৱল শিৱসাগৰ জিলাতে বুবু কোঁৱৰৰ নামত ৰুজু হৈ আছে ১৪টা গোচৰ৷

অসম–নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ দেওপানীত বুধবাৰে সন্ধিয়া অসম আৰক্ষীৰ এক অভিযানত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰ। বহু অপৰাধজনিত ঘটনাৰ সৈতে জড়িত বুবু কোঁৱৰৰ বিৰুদ্ধে অসমৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ আছে বহু গোচৰ৷

বহুতো গাড়ী, মটৰ চাইকেল চুৰিৰ লগতে বহু হত্যাকাণ্ড, অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ, ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল বুবু কোঁৱৰ৷

যোৱা ১৩ মাৰ্চত যোৰহাটত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ আৰক্ষীৰ হাতত কৰায়ত্ত হৈছিল বুবু কোঁৱৰ৷ শেহতীয়াকৈ পুনৰ ড্ৰাগছ সৰবৰাহ আৰু অবৈধ মাৰণাস্ত্ৰ সৰবাৰহত নামি পৰিছিল বুবু কোঁৱৰ৷

আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে, শিৱসাগৰ আৰক্ষীয়ে আজি বিশেষ সূত্ৰৰ ভিত্তিত বুবু কোঁৱৰে অসম–নগালেণ্ড সীমান্তৰ গেলেকীত অবৈধ মাৰণাস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহাৰ তথ্য লাভ কৰিছিল৷ উক্ত তথ্যৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু দুজন লোকক এখন স্কুটীত সন্দেহজনকভাৱে প্ৰত্যক্ষ কৰিছিল৷ আৰক্ষীয়ে স্কুটী আৰোহী দুজনক সন্দেহ হোৱাত ৰখোৱাৰ চেষ্টা কৰিছিল যদিও সেই ঠাইৰ পৰা পলায়ন কৰিছিল  স্কুটী আৰোহী দুজন৷

পিছত আৰক্ষীৰ আৰু স্কুটী আৰোহীৰ মাজত গুলীয়াগুলি হয়৷ প্ৰায় পোন্ধৰ মিনিট ধৰি হোৱা গুলীয়াগুলিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন স্কুটী আৰোহী৷ আঘাতপ্ৰাপ্ত স্কুটী আৰোহীজনে বুবু কোঁৱৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে৷ পৰৱৰ্তী সময়ত বুবু কোঁৱৰক গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়৷ গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত বুবু কোঁৱৰক চিকিৎসা প্ৰদান কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷

আনহাতে, এতিয়াও অঞ্চলটোত স্কুটীত অহা আনজন আৰোহীক বিচাৰি অভিযান অব্যাহত আছে৷ ঘটনাস্থলী পৰা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ ১০টা প্লাষ্টিক কণ্টেইনাৰ, ৯ জাঁই সজীৱ গুলীসহ এটা পিষ্টল, দুটা মবাইল ফোন আৰু এখন স্কুটী জব্দ কৰিছে৷ বুবু কোঁৱৰৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: