হাইলাকান্দিত গ্ৰেপ্তাৰ দুধৰ্ষ ডকাইত, উদ্ধাৰ হস্তনিৰ্মিত পিষ্টল

News18 Assam | News18-Assam
Updated:October 19, 2020, 12:47 PM IST
হাইলাকান্দিত গ্ৰেপ্তাৰ দুধৰ্ষ ডকাইত, উদ্ধাৰ হস্তনিৰ্মিত পিষ্টল
ডকাইতটোৰ পৰা এটা পিষ্টল জব্দ কৰে আৰক্ষীয়ে।

ডকাইতটোৰ পৰা এটা পিষ্টল জব্দ কৰে আৰক্ষীয়ে।

  • Share this:
হাইলাকান্দি আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত। মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হ’ল দুৰ্ধর্ষ ডকাইত ৰহিম উদ্দিন লস্কৰ। দীৰ্ঘদিনৰ পৰা হাইলাকান্দি জিলাত উপদ্রৱ চলাই আহিছিল দুৰ্ধর্ষ ডকাইত ৰহিম উদ্দিন লস্কৰে। বিভিন্ন অপৰাধমূলক কাম, গাড়ী চুৰি, বলাৎকাৰৰ দৰে অপৰাধজনিত ঘটনাত অভিযুক্ত ধৃত ডকাইতটো।

দেওবাৰে এক গোপন সূত্রৰ পম খেদি হাইলাকান্দি সদৰ থানাৰ আৰক্ষীৰ বৃহৎ দল এটা গৈ উপস্থিত হয় স্থানীয়  লস্কৰ বজাৰ এলেকাত। আৰু এই বজাৰৰ পৰা আৰক্ষীয়ে আটক কৰে দুৰ্ধর্ষ ডকাইত ৰহিম উদ্দিন লস্কৰক। ডকাইতটোৰ পৰা এটা পিষ্টল জব্দ কৰে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: October 19, 2020, 12:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি