মুখ্যপৃষ্ঠা »খবৰ »অসম »Crimes Against Women : ৬ বছৰত অসমত ১,৭০,১৭৪টা নাৰীজনিত অপৰাধৰ ঘটনা, কংগ্ৰেছ বিধায়কৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ তথ্য

Crimes Against Women : ৬ বছৰত অসমত ১,৭০,১৭৪টা নাৰীজনিত অপৰাধৰ ঘটনা, কংগ্ৰেছ বিধায়কৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ তথ্য

ডাইনী অন্ধবিশ্বাসৰ বাবে হত্যাৰ বলি হৈছে ৭৪ গৰাকী মহিলা।

ডাইনী অন্ধবিশ্বাসৰ বাবে হত্যাৰ বলি হৈছে ৭৪ গৰাকী মহিলা।

ডাইনী অন্ধবিশ্বাসৰ বাবে হত্যাৰ বলি হৈছে ৭৪ গৰাকী মহিলা।

  • Share this:
ৰাজ্যত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। বিগত ছয় বছৰত অসমত ১,৭০,১৭৪ টা নাৰীজনিত অপৰাধৰ ঘটনাৰ সমান্তৰালভাৱে ছয় বছৰত অসমত ১৬০৬ টা নাৰীজনিত হত্যাকাণ্ড সংঘটিত হৈছে। আজি বিধানসভাৰ বাজেট অধিৱেশনত কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)।

উল্লেখ্য, দেশৰ আন ৰাজ্যৰ নিচিনা অসমতো বৃদ্ধি পাবলৈ ধৰিছে নাৰী অপৰাধজনিত ঘটনা। ২০১৬ বর্ষৰ পৰা এতিয়ালৈকে ১,৭০,১৭৪ টা নাৰীজনিত অপৰাধ (Crimes Against Women) সংঘটিত হৈছে এইখন অসমত। ইয়াৰে,১৬০৬ টা অপৰাধজনিত ঘটনাই মৃত্যুৰ ৰূপ লৈছে।

তথ্য অনুসৰি, ২০১৮ বৰ্ষত ২৮১টাৰ বিপৰীতে ২০১৯ বৰ্ষত ২৫৯টা আৰু ২০২২ বৰ্ষত এয়া হৈছে ২৪৬টা। ২০১৬ ৰ পৰা ২০২৩ বর্ষৰ এতিয়ালৈ ১২,৩৩১ টা ধৰ্ষণ আৰু বলৎকাৰৰ ঘটনা সংঘটিত হৈছে অসমত। আনহাতে, ডাইনী অন্ধবিশ্বাসৰ বাবে হত্যাৰ বলি হৈছে ৭৪ গৰাকী মহিলা।

শেহতীয়া বাতৰি