உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দক্ষিণ কামৰূপত দিন দুপৰতে ভয়ংকৰ হত্যাকাণ্ড, ক্ষুব্ধ ৰাইজে লণ্ড-ভণ্ড কৰিলে হত্যাকাৰীৰ বাসগৃহ

    দক্ষিণ কামৰূপত দিন দুপৰতে ভয়ংকৰ হত্যাকাণ্ড, ক্ষুব্ধ ৰাইজে লণ্ড-ভণ্ড কৰিলে হত্যাকাৰীৰ বাসগৃহ

    Source-Google

    Source-Google

    দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত তথা সোণতলী আৰক্ষী চকীৰ অধীনস্থ টাঙনমাৰীত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড

    • Share this:
    দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত তথা সোণতলী আৰক্ষী চকীৰ অধীনস্থ টাঙনমাৰীত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ সোণতলীত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিলে ৷ জানিব পৰা মতে, দেওবাৰে দিনৰ ১.৩০ বজাত টাঙনমাৰী গাঁৱৰ ছোৰহাব আলী আৰু ছামছুল হকৰ মাজত প্ৰথম অৱস্থাত সামান্য কথাত কাজিয়াৰ সুত্ৰপাত হয় ৷ পিছত ছোৰহাব আলীয়ে আত্মীয় সহ হাতে হাতে দা, ডেগাৰ আদি চোকা অস্ত্ৰ লৈ ছামছুল হকক ঘৰতে আক্ৰমণ কৰে ৷

    ছোৰহাব আলীৰ প্ৰায় দহজনীয়া দলৰ চোকা অস্ত্ৰৰ আঘাতত অকলশৰীয়া ছামছুল হক চোতালতে ঢলি পৰে ৷ ইফালে ছামছুল হকক চুবুৰীয়াৰ লোকে উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহে যদিও আক্ৰমনকাৰী দলে বাধা প্ৰদান কৰে ৷ ঘটনাপ সন্দৰ্ভত স্থানীয় লোকে সোণতলী আৰক্ষীক অৱগত কৰাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

    পিছত চুবুৰীয়াৰ সহযোগত সংকটজনক অৱস্থাত ছামছুল হকক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাৰ লগত জড়িত পুৰুষ-মহিলাসহ পাঁচজনকৈ লোকক সোণতলী আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন লোক কেইজন ক্ৰমে, ছোৰহাব আলীৰ পুত্ৰ ৰবিউল হুছেইন, আজিজুল হক, ছোৰহাবৰ স্ত্ৰী নবিৰণ নেছা, পুত্ৰ বোৱাৰী ছাইৰুণ নেছা, নুৰজাহান বেগম ৷

    আনহাতে ছোৰহাব আলীৰ পুত্ৰ শ্বিৰাজুল হকসহ আন কেইবাজনো ব্যক্তি পলাতক অৱস্থাত আছে ৷ সোণতলী আৰক্ষীয়ে মৃত ছামছুল হকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ মাত্ৰ পাঁচ দিন পূৰ্বে পিতৃৰ মৃত্যু হোৱা ছামছুল হকক এইদৰে নিৰ্মম ভাৱে হত্যা কৰা ঘটনাত অঞ্চলটোৰ একাংশ ৰাইজ উত্তেজিত হৈ হত্যাকাণ্ডৰ জড়িত সকলৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰিছে ৷
    Published by:Himangshu Bhuyan
    First published: