পৰিয়ালৰ লোকে জনোৱা মতে, মঙলবাৰে কাৰ্যালয়লৈ আহিছিল যদিও নিশা ঘৰলৈ উভতি যোৱা নাছিল আফাজ আলী চৌধুৰী। এই সন্দৰ্ভত পৰিয়ালৰ লোকে নিশাই জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ। কিন্তু আজি কাৰ্যালয়ৰ পিছফালে ৰহস্যজনকভাৱে উদ্ধাৰ হয় কৰ্মচাৰীজনৰ মৃতদেহ। এই খবৰ লাভ কৰাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী আৰক্ষীৰ শীৰ্ষ বিষয়াসকল। আৰক্ষীয়ে ব্যক্তিজনৰ মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰিছে মোবাইল ফোন, মানিবেগ আৰু চছমা।
উল্লেখ্য যে, আফাজ আলীৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট। সেয়েহে কোনো লোকে তেওঁক হত্যা কৰি পেলাই থৈ যোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। আৰক্ষীয়ে লোকজনৰ মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ৰ লগতে সমগ্ৰ মালিগাঁও অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
মন্তব্য যে, মাত্ৰ ৪ দিন পূৰ্বে মালিগাঁৱত সংঘটিত হৈছিল আন এক হত্যাকাণ্ড। জালুকবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগত কোনো দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰিছিল তৰুণ ডেকা নামৰ এজন নৈশ চকীদাৰক। সেই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। কিন্তু চিচিটিভি কেমেৰাৰ ভিজুৱেল লাভৰ পাছতো এই পৰ্যন্ত হত্যাকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই জালুকবাৰী আৰক্ষী।