• Home
  • »
  • News
  • »
  • assam
  • »
  • কোনো ফালেই যেন নহয় সুৰক্ষিত! যোৰহাটৰ ৰাজপথত দিন দুপৰতে পথচাৰীক আক্ৰমণ কৰি লুটপাত চলালে ৫ দুৰ্বৃত্তই

কোনো ফালেই যেন নহয় সুৰক্ষিত! যোৰহাটৰ ৰাজপথত দিন দুপৰতে পথচাৰীক আক্ৰমণ কৰি লুটপাত চলালে ৫ দুৰ্বৃত্তই

আৰক্ষীয়ে তৎপৰতাৰে মুমূৰ্ষূ অৱস্থাত আহত যুৱকজনক উদ্ধাৰ কৰাৰ লগতে খেদি খেদি আটক কৰে পলাবলৈ চেষ্টা কৰা তিনিজন যুৱকক।

আৰক্ষীয়ে তৎপৰতাৰে মুমূৰ্ষূ অৱস্থাত আহত যুৱকজনক উদ্ধাৰ কৰাৰ লগতে খেদি খেদি আটক কৰে পলাবলৈ চেষ্টা কৰা তিনিজন যুৱকক।

আৰক্ষীয়ে তৎপৰতাৰে মুমূৰ্ষূ অৱস্থাত আহত যুৱকজনক উদ্ধাৰ কৰাৰ লগতে খেদি খেদি আটক কৰে পলাবলৈ চেষ্টা কৰা তিনিজন যুৱকক।

  • Share this:
যোৰহাটৰ ১ নং সোণাৰিগাঁৱৰ ৰাজপথত শুকুৰবাৰে বিয়লি সংঘটিত হয় এটা ভয়ংকৰ ঘটনা। চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত এজন যুৱকক আক্ৰমণ কৰি হাতত থকা ধন কাঢ়ি নিয়ে দুখন স্কুটীত অহা এটা যুৱকৰ দলে। অৱশ্যে তাৎক্ষণিক ভাৱে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা খেদি খেদি তিনিজন যুৱকক আটক কৰাৰ লগতে পিছত আৰু দুজন অভিযুক্তক আটক কৰে ।

এই ঘটনাই যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । চন্দন নাথ নামৰ গাড়ী চলাই জীৱন নিৰ্বাহ কৰা যুৱকজনে মালিকৰ পৰা মাহেকৰ দৰমহালৈ ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ঘটনা। কিন্তু মনিবেগ থপিয়াই স্কুটীৰে পলায়ন কৰিব খোজা এজন যুৱকক ধৰিবলৈ সক্ষম হয় চন্দন । কিন্তু তেতিয়াই চন্দনক ৰাজপথৰ ওপৰতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে স্কুটীত অহা যুৱককেইজনে । উপৰ্যুপৰি প্ৰহাৰৰ সন্মুখীন হোৱা চন্দনে সহায়ৰ বাবে চিঞৰে যদিও আগবাঢ়ি নাহিল কোনো লোক। অৱশ্যে কোনো লোকে খবৰ দিয়ে আৰক্ষীক।

তাৎক্ষণিক ভাৱে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দৃষ্টিগোচৰ হয় সমগ্ৰ ঘটনা । আৰক্ষীয়ে তৎপৰতাৰে মুমূৰ্ষূ অৱস্থাত আহত যুৱকজনক উদ্ধাৰ কৰাৰ লগতে খেদি খেদি আটক কৰে পলাবলৈ চেষ্টা কৰা তিনিজন যুৱকক। পিছত পলায়ন কৰা অভিযুক্ত আন দুজন যুৱককো কৰায়ত্ত কৰে আৰক্ষীয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা যুৱককেইজনৰ নাম  অঞ্জন শইকীয়া , অংকুৰ চুবেদাৰ,  জিন্তু শইকীয়া, মাধুৰ্য দৰবধৰা আৰু প্ৰণৱ শইকীয়া বুলি জানিব পৰা গৈছে।

উল্লেখ্য , শেহতীয়াকৈ যোৰহাটৰ নগৰ অঞ্চলত এনেধৰণৰ ধন লুটৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। কেইদিনমান পূৰ্বে নগৰৰ বাইপাছৰ এনআৰএল পেট্ৰ'ল পাম্পৰ সমীপত অনুৰূপ কৌশলেৰে পথাচাৰীৰ পৰা নগদ ধন তথা মূল্যবান সামগ্ৰী কাঢ়ি নি ডকাইতিত লিপ্ত হোৱা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰে জড়িত তিনিজন যুৱক বৰ্তমানো পলাতক অৱস্থাত আছে ।
Published by:Himangshu Bhuyan
First published: