உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ২০১১ বিশ্বকাপৰ ‘মেন অৱ দ্য ছিৰিজ’ৰ অ'ডি বাহনখন এজন অসমীয়াক উপহাৰ হিচাপে দিলে যুৱৰাজ সিঙে

    ২০১১ বিশ্বকাপৰ ‘মেন অৱ দ্য ছিৰিজ’ৰ অ'ডি বাহনখন এজন অসমীয়াক উপহাৰ হিচাপে দিলে যুৱৰাজ সিঙে

    অসমৰহৈ ৩৫খন ৰঞ্জী মেচ খেলা নিশান্ত বৰদলৈক এই অ'ডি বাহনখন উপহাৰ দিছে যুৱৰাজ সিঙে৷

    অসমৰহৈ ৩৫খন ৰঞ্জী মেচ খেলা নিশান্ত বৰদলৈক এই অ'ডি বাহনখন উপহাৰ দিছে যুৱৰাজ সিঙে৷

    অসমৰহৈ ৩৫খন ৰঞ্জী মেচ খেলা নিশান্ত বৰদলৈক এই অ'ডি বাহনখন উপহাৰ দিছে যুৱৰাজ সিঙে৷

    • Share this:
    সময় ২০১১ৰ আই চি চি ক্ৰিকেট বিশ্বকাপ (ICC Cricket World Cup 2011)। বিশ্বকাপ ক্ৰিকেটত বেটে-বলে উজলিছিল ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং (Yuvraj SIngh)। টীম ইণ্ডিয়াই সেই সময়ত ১৯৮৩ চনৰ ২৮ বছৰ পিছত দ্বিতীয় বাৰলৈ বিশ্বকাপ ক্ৰিকেটত চেম্পিয়নৰ সোৱাদ পাইছিল। দলৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ যুৱৰাজ সিঙে প্ৰতিযোগিতাত মুঠ ৩৬২ ৰান আৰু ১৫টা উইকেট লৈছিল। চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে য়ুবীয়ে লাভ কৰিছিল 'মেন অৱ দ্য ছিৰিজ'ৰ খিতাপ।

    সেই সময়তে যুৱৰাজে দেশবাসীৰ পৰাও লাভ কৰিছিল বিপুল সমাদৰ। অলৰাউণ্ডাৰ যুৱৰাজ সিঙে মেন অৱ দ্য ছিৰিজত পাইছিল এখন অ'ডি বাহন (Audi Car)। MH02BR5354 নম্বৰৰ এই গাড়ীখনেই পাইছিল ক্ৰিকেট অনুৰাগীৰ অন্যতম জনপ্ৰিয় তাৰকা যুৱৰাজ সিঙে৷ পিছে এই গাড়ীখন এতিয়া এজন অসমীয়াৰ হাতত৷ নাম নিশান্ত বৰদলৈ৷

    অসমৰহৈ ৩৫খন ৰঞ্জী মেচ খেলা নিশান্ত বৰদলৈক এই অ'ডি বাহনখন উপহাৰ দিছে যুৱৰাজ সিঙে৷ নিশান্ত বৰদলৈৰ অকল যে যুৱৰাজ সিঙৰ সৈতেই ঘনিষ্ঠতা আছে তেনে নহয়, ভাৰতীয় ক্ৰিকেট তাৰকা গৌতম গম্ভীৰ, মহেন্দ্ৰ সিং ধোনী, চেতেশ্বৰ পুজাৰা, ঋষভ পণ্ট আদিৰ সৈতেও আছে ঘনিষ্ঠতা৷

    ২০১৮ত কিংছ্ ইলেভেন পঞ্জাবৰ ফিল্ডিং প্ৰশিক্ষক আছিল নিশান্ত। BCCIৰ NCAৰো ফেকাল্টী আছিল নিশান্ত বৰদলৈ। দিল্লী দলৰো আছিল প্ৰশিক্ষক। সম্প্ৰতি জন্মু আৰু কাশ্মীৰ ৰঞ্জী দলৰ লগত জড়িত হৈ থকা নিশান্ত বৰদলৈয়ে যুৱৰাজ সিঙৰ পৰা উপহাৰ হিচাপে পোৱা এই বাহনখন আপুনিও প্ৰত্যক্ষ কৰিব পাৰে আপোনাৰ চহৰত৷

    ক্ৰিকেট বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰৰ অ’ডিখন যুৱৰাজৰ নামতে MH02BR5354 নম্বৰৰ এতিয়াও পঞ্জীয়ন হৈ আছে। দেশৰ নামী ট্ৰেইনাৰ হিচাপে পৰিচিত নিশান্ত বৰদলৈ।  নিশান্ত বৰদলৈয়ে যুৱৰাজ সিঙক নিয়মীয়াকৈ অনুশীলন কৰাইছিল। সেইবাবেই নিজৰ খেলুৱৈ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ অ’ডি গাড়ীখন প্ৰশিক্ষকগৰাকীকে উপহাৰ হিচাপে দি দিলে যুৱৰাজ সিঙে। যুৱৰাজৰ অ’ডিখন নিশান্ত ই পঞ্জাবৰ পৰা গুৱাহাটীলৈ চলাই আনিছে। সম্প্ৰতি বিশ্বকাপৰ মেন অৱ দ্যা ছিৰিজ গাড়ীখন আছে গুৱাহাটীত।
    Published by:Sanjay Kumar Das
    First published: