• Home
  • »
  • News
  • »
  • assam
  • »
  • ক্ৰিকেট অনুৰাগীয়ে অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা যাব পাৰিব ষ্টেডিয়ামলৈ 

ক্ৰিকেট অনুৰাগীয়ে অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা যাব পাৰিব ষ্টেডিয়ামলৈ 

অহা ফেব্ৰুৱাৰীৰ ৫ তাৰিখৰ পৰা আৰম্ভ হ’ব দুয়োখন দেশৰ মাজত টেষ্ট শৃংখলা।

অহা ফেব্ৰুৱাৰীৰ ৫ তাৰিখৰ পৰা আৰম্ভ হ’ব দুয়োখন দেশৰ মাজত টেষ্ট শৃংখলা।

অহা ফেব্ৰুৱাৰীৰ ৫ তাৰিখৰ পৰা আৰম্ভ হ’ব দুয়োখন দেশৰ মাজত টেষ্ট শৃংখলা।

  • Share this:
Covid-19 মহামাৰীৰ কাৰণে ঘোষণা কৰা তলাবন্ধৰ পিছত প্ৰথমবাৰৰ বাবে অনুৰাগীৰ কাৰণে অহা ফেব্ৰুৱাৰীৰ ২৪ তাৰিখে মুকলি কৰি দিয়া হ’ব ক্রিকেট ষ্টেডিয়াম। সেই দিনাখন গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়ামত আৰম্ভ হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট মেচখনত দৰ্শকৰ প্ৰৱেশৰ অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে Board of Control for Cricket in India চমুকৈ BCCI–এ।

অহা ফেব্ৰুৱাৰীৰ ৫ তাৰিখৰ পৰা আৰম্ভ হ’ব দুয়োখন দেশৰ মাজত টেষ্ট শৃংখলা। প্ৰথম আৰু দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব চেন্নাইত। উল্লেখযোগ্য যে ভাৰতবৰ্ষত অন্তিমখন টেষ্ট মেচ অনুষ্ঠিত হৈছিল ২০১৯ চনৰ নৱেম্বৰ মাহত। সেইখন খেলত ভাৰতে চুবুৰীয়া বাংলাদেশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। গুজৰাটৰ এই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখন পুনৰ নিৰ্মাণৰ পিছত প্ৰথমখন খেল হ’ব। এই খেলখন দিবা-নৈশ হ’ব আৰু পিংক বল ব্যৱহাৰ কৰা হব। বিশ্বৰ সৰ্ব বৃহৎ এই ষ্টেডিয়ামখনৰ আসনৰ সংখ্যা হৈছে ১,১০,০০০।

মেচৰ পূৰ্বে BCCI–এ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ পৰিকল্পনা কৰিছে বুলিও জানিব পৰা গৈছে। এই অনুষ্ঠানলৈ BCCIয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীকো নিমন্ত্ৰণ জনাইছে। প্রধানমন্ত্ৰীৰ লগতে নিমন্ত্ৰণ জনোৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক আদিক।

চৰকাৰে ইতিমধ্যে ষ্টেডিয়ামসমূহত ৫০ শতাংশ দৰ্শকৰ উপস্থিতিত অনুমতি প্ৰদান কৰিছে। এইখন মেচত সংবাদ মাধ্যমে ষ্টেডিয়ামত উপস্থিত থাকি বাতৰি সংগ্ৰহ কৰিব পাৰিব। আৰু ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰ নিয়মেৰে অতি কমেও ৫৫ হেজাৰ লোকে মেচখন উপভোগ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি এই নিমন্ত্ৰণ গ্ৰহণ কৰে তেন্তে তেওঁৰ আহমেদাবাদৰ এই বিশাল ষ্টেডিয়ামখনলৈ দ্বিতীয়টো ভ্ৰমণ হ'ব। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত এইখন ষ্টেডিয়ামতে 'নমস্তে ট্ৰাম্প' অনুস্থান অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত তেতিয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প উপস্থিত আছিল।
Published by:Sanjay Kumar Das
First published: