শনিবাৰে সম্পন্ন হ’ব প্ৰাক্তন DGP খগেন শৰ্মাৰ শেষকৃত্য

শুকুৰবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন DGP গৰাকীয়ে

News18-Assam
Updated:October 26, 2019, 10:55 AM IST
শনিবাৰে সম্পন্ন হ’ব প্ৰাক্তন DGP খগেন শৰ্মাৰ শেষকৃত্য
শুকুৰবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন DGP গৰাকীয়ে
News18-Assam
Updated: October 26, 2019, 10:55 AM IST
আজি সম্পন্ন হ’ব প্ৰাক্তন DGP খগেন শৰ্মাৰ শেষকৃত্য। ১০বজাত শৰ্মাৰ মৃতদেহ লৈ যোৱা হয় আৰক্ষীৰ বিশেষ শাখালৈ। মৃতদেহ লৈ যোৱা হ’ব অসম আৰক্ষীৰ মুখ্য কাৰ্য়ালয়লৈও।
ইয়াৰ পিছতে সম্পন্ন হ’ব প্ৰাক্তন DGP খগেন শর্মাৰ শেষকৃত্য। উল্লেখযোগ্য যে, শুকুৰবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন DGP গৰাকীয়ে। দীৰ্ঘদিনধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা খগেন শৰ্মা চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ চানভেলী চিকিৎসালয়ত। খগেন শৰ্মাৰ মৃত্যু এতিয়া সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। শৰ্মাৰ মৃত্যুত মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি