জম্মু-কাশ্মীৰক SPৰ পৰা হাবিলদাৰ কৰিলে মোদীয়ে – CPI(ML)ৰ ৰাষ্ট্ৰীয় সম্পাদক দীপাংকৰ ভট্টাচাৰ্যৰ মন্তব্য

দীপাংকৰ ভট্টাচাৰ্যই আজি নগাঁও প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত বৰ্তমানৰ চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তোলে।

News18-Assam
Updated:September 6, 2019, 1:49 PM IST
জম্মু-কাশ্মীৰক SPৰ পৰা হাবিলদাৰ কৰিলে মোদীয়ে – CPI(ML)ৰ ৰাষ্ট্ৰীয় সম্পাদক দীপাংকৰ ভট্টাচাৰ্যৰ মন্তব্য
দীপাংকৰ ভট্টাচাৰ্যই আজি নগাঁও প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত বৰ্তমানৰ চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তোলে।
News18-Assam
Updated: September 6, 2019, 1:49 PM IST
নীলোৎপল বৰা : জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰা আৰু জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চললৈ পৰ্যবসিত কৰাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰক তীব্ৰ কটাক্ষ কৰিলে ভাৰতৰ প্ৰবীণ বাওপন্থী নেতা দীপাংকৰ ভট্টাচাৰ্যই। CPI(ML)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত থকা দীপাংকৰ ভট্টাচাৰ্যই আজি নগাঁও প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত বৰ্তমানৰ চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তোলে।

জম্মু-কাশ্মীৰৰ প্ৰসংগত ভট্টাচাৰ্যই কয় – ‘জম্মু-কাশ্মীৰৰ বৰ্তমানৰ অৱস্থা এজন হাবিলদাৰৰ নিচিনা যিজন পূৰ্বতে আৰক্ষী অধীক্ষক আছিল।’ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে লগতে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

NRCত বাদ পৰা ১৯লাখ লোকক সহায় আগবঢ়াবলৈ অসমৰ ৰাইজক আহ্বান জনালে বাওপন্থী নেতা দীপাংকৰ ভট্টাচাৰ্যই। CPI(ML)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ সকলো ডিটেনশ্যন কেম্প শীঘ্ৰে বন্ধ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাদ পৰা ১৯ লাখ লোকক সহায় কৰাৰ বাবেও আহ্বান জনালে।

ৰাষ্ট্ৰীয় সম্পাদকগৰাকীৰ মতে, এনআৰচিৰ জৰিয়তে অসমৰ বহু পৰিয়ালক হাৰাশাস্তি কৰা হৈছে। তেঁও লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাংলাদেশীৰ নাম সোমোৱা বুলি অভিযোগ কৰা শাসকীয় বিজেপি দল তথা সদৌ অসম ছাত্ৰ সন্থাকো
তীব্ৰ সমালোচনা কৰে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি