মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উপ–নিৰ্বাচনত চিপিআই(এম)য়ে কংগ্ৰেছক সহায় কৰিব, ফণীয়ে বিজেপিৰ টিকটেই নাপাই – ক’লে মনোৰঞ্জন তালুকদাৰে

উপ–নিৰ্বাচনত চিপিআই(এম)য়ে কংগ্ৰেছক সহায় কৰিব, ফণীয়ে বিজেপিৰ টিকটেই নাপাই – ক’লে মনোৰঞ্জন তালুকদাৰে

News18 Assam | News18-Assam
Updated:September 8, 2021, 4:28 PM IST
উপ–নিৰ্বাচনত চিপিআই(এম)য়ে কংগ্ৰেছক সহায় কৰিব, ফণীয়ে বিজেপিৰ টিকটেই নাপাই – ক’লে মনোৰঞ্জন তালুকদাৰে
ভৱানীপুৰ সমষ্টিৰ ক্ষেত্ৰত মনোৰঞ্জন তালুকদাৰে কৰিলে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

ভৱানীপুৰ সমষ্টিৰ ক্ষেত্ৰত মনোৰঞ্জন তালুকদাৰে কৰিলে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

  • Share this:
সন্মুখত অসম বিধানসভাৰ উপ–নিৰ্বাচন। উপ–নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক–বিৰোধী দলে। পিছ পৰি ৰোৱা নাই বাওঁপন্থী দল চিপিআই(এম)য়েও। আগন্তুক উপ–নিৰ্বাচনত চিপিআই(এম)য়ে কংগ্ৰেছক সহায় কৰিব। বিজেপিক ৰোধ কৰাৰ বাবে চিপিআই(এম)–এ এই সিদ্ধান্ত লৈছে। News18ক এই কথা জনালে চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুদাৰে।

ইফালে ভৱানীপুৰ সমষ্টিৰ ক্ষেত্ৰত মনোৰঞ্জন তালুকদাৰে কৰিলে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মনোৰঞ্জন তালুকদাৰৰ মতে ফণীধৰ তালুকদাৰক বিজেপিয়ে ভৱানীপুৰত নিদিয়ে টিকট। বিজেপিত ইমানুৱেল মুছাহাৰী, ৰাজদ্বীপ গোৱালাৰ দৰে ফণী তালুকদাৰৰো একেই অৱস্থা হ’ব বুলি কয় মনোৰঞ্জন তালুকদাৰে।

ফণীধৰ তালুকদাৰে ভৱানীপুৰত বিজেপিৰ টিকটো নাপায়, দলীয় বিষয়বাবো নাপায়। বিজেপিত গৈ ফণীধৰ তালুকদাৰৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস হ’ল বুলিও কয় সৰভোগ সমষ্টিৰ বাওঁপন্থী বিধায়ক মনোৰঞ্জন তালুকদাৰে। বিগত অসম বিধানসভা নিৰ্বাচনত মহাজোঁটৰ সৈতে আসনৰ বুজাবুজি কৰি সৰভোগ আৰু ৰঙিয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চিপিআইএম দলে এইবাৰো কংগ্ৰেছকে সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published by: Sanjay Kumar Das
First published: September 8, 2021, 4:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি