মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam News: ‘‘পৰীক্ষা এটা চলাব নোৱাৰা বিজেপিয়ে কি অসম চলাব’’, এই কথা ক’লে CPI(M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে

Assam News: ‘‘পৰীক্ষা এটা চলাব নোৱাৰা বিজেপিয়ে কি অসম চলাব’’, এই কথা ক’লে CPI(M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে

লোকসভাত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’লে ফলাফৰ ভাল হ'ব।

লোকসভাত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’লে ফলাফৰ ভাল হ'ব।

লোকসভাত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’লে ফলাফৰ ভাল হ'ব।

  • Share this:
ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, ছাত্ৰ–ছাত্ৰী তথা অভিভাৱক আৰু অন্যান্য ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। CPI(M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বিজেপিৰ এটা পৰীক্ষা চলাব নোৱাৰে বুলি কটাক্ষ কৰিছে। তেওঁ কয় যে,  ‘‘পৰীক্ষা এটা চলাব নোৱাৰা বিজেপিয়ে কি অসম চলাব।’’

বিজেপিৰ বিৰুদ্ধে বিৰোধী মহাজোট এইবাৰ একগোট হোৱাৰ কথা ক’লে সুপ্ৰকাশ তালুকদাৰে। লগতে তেওঁ কয় যে, চৈধ্যটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ এজনেই উমৈহতীয়া প্ৰাৰ্থী থাকিব। এইবাৰ বিৰোধী মহাজোটত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক দেখি ভাল লাগিছে বুলিও ভাৱ প্ৰকাশ কৰে সুপ্ৰকাশ তালুকদাৰে। তেওঁ অজাপ আৰু ৰাইজৰ দলক অসমৰ এতিয়া প্ৰকৃত আঞ্চলিক দল বুলি উল্লেখ কৰে। তেওঁ কয় যে, লোকসভাত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’লে ফলাফৰ ভাল হ'ব।

মন কৰিবলগীয়া যে, ৯ এপ্ৰিলত বিৰোধীৰ ১০ টা দলৰ ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ'ব।

শেহতীয়া বাতৰি