মুখ্যপৃষ্ঠা »খবৰ »অসম »Barpeta News: পৌৰকৰ বৃদ্ধিকলৈ বৰপেটাৰোডত CPI(M)ৰ প্ৰতিবাদী পথসভা

Barpeta News: পৌৰকৰ বৃদ্ধিকলৈ বৰপেটাৰোডত CPI(M)ৰ প্ৰতিবাদী পথসভা

নগৰাঞ্চলত পৌৰকৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত CPI(M)ৰ প্ৰতিবাদ।

নগৰাঞ্চলত পৌৰকৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত CPI(M)ৰ প্ৰতিবাদ।

নগৰাঞ্চলত পৌৰকৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত CPI(M)ৰ প্ৰতিবাদ।

  • Share this:
বৰপেটাৰোডত CPI(M)ৰ বৰপেটাৰোড আঞ্চলিক কমিটিয়ে এক প্ৰতিবাদী পথসভাৰে প্ৰতিবাদ সাব্যস্ত কৰে। মঙলবাৰে সন্ধিয়া CPI(M)ৰ এই কমিটিখনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ নগৰাঞ্চল সমূহৰ পৌৰকৰ বৃদ্ধি কৰাৰ লগতে বিভিন্ন বস্তুৰ মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত দলটোৱে দাবী কৰে যে, বিজেপি শাসনাধিস্থিত চৰকাৰখনে ক্ষমতালৈ অহাৰ পূৰ্বে  নিৰ্বাচনী প্ৰচাৰত মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা উল্লেখ কৰিছিল। কিন্তু ক্ষমতালৈ অহাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱন দায়িনী ঔষধ, ৰন্ধনগেছ, বিদ্যুৎ মাচুলৰ মূল্য অধিক হাৰত বৃদ্ধি কৰাত সাধাৰণ ৰাইজে হাৰাশাস্তিত ভুগিবলগীয়া হৈছে। সেয়েহে শেহতীয়াকৈ চৰকাৰে নগৰাঞ্চল সমূহৰ পৌৰকৰ বৃদ্ধি কৰাত ইয়াৰ বিৰোধিতা কৰি মঙলবাৰে CPI(M)ৰ বৰপেটাৰোড আঞ্চলিক সমিতিয়ে বৰপেটাৰোড চহৰত সন্ধিয়া এক প্ৰতিবাদী পথ সভাৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰে।

শেহতীয়া বাতৰি