পেট্ৰ’ল-ডিজেল আৰু খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:July 19, 2021, 4:11 PM IST
পেট্ৰ’ল-ডিজেল আৰু খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদ
মূল্যবৃদ্ধি ৰোধত চূড়ান্তভাৱে ব‍্যৰ্থ যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰে প্ৰতিবাদকাৰীসকলে।

মূল্যবৃদ্ধি ৰোধত চূড়ান্তভাৱে ব‍্যৰ্থ যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰে প্ৰতিবাদকাৰীসকলে।

  • Share this:
ৰঙিয়াত চিপিআইএমৰ উত্তাল প্ৰতিবাদ। পেট্ৰ’ল-ডিজেল আৰু খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল‍্যবৃদ্ধি ৰোধৰ দাবীত ৰঙিয়া নগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে। ব‍্যৰ্থ যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএমে।

মূল্যবৃদ্ধি ৰোধত চূড়ান্তভাৱে ব‍্যৰ্থ যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰে প্ৰতিবাদকাৰীসকলে। বিজেপি চৰকাৰখনে বণিয়াক বৰপীৰা পাৰি দি সৰ্বসাধাৰণক মূল‍্যবৃদ্ধিৰ মাধমাৰ সোধাইছে বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে। লগতে পুঁজিপতিৰ আগত আঁঠু লোৱা চৰকাৰখনে সাধাৰণ মানুহক ৰামটাঙোন সোধাইছে‌ বুলি ক্ষোভ প্ৰকাশ কৰে চিপিআইএমৰ কৰ্মীসকলে।
Published by: Sanjay Kumar Das
First published: July 19, 2021, 4:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি