• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থীৰ নাম ঘোষণা, চিপিআই(এম)ৰ ডাঃ ভগৱান মিশ্ৰক প্ৰাৰ্থিত্ব

ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থীৰ নাম ঘোষণা, চিপিআই(এম)ৰ ডাঃ ভগৱান মিশ্ৰক প্ৰাৰ্থিত্ব

সম্পাদকগৰাকীয়ে মহাজোটৰ অংশীদাৰী দলসমূহৰ সহযোগত সমাগত নিৰ্বাচনত দুয়োটা সমষ্টিতে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে।

সম্পাদকগৰাকীয়ে মহাজোটৰ অংশীদাৰী দলসমূহৰ সহযোগত সমাগত নিৰ্বাচনত দুয়োটা সমষ্টিতে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে।

সম্পাদকগৰাকীয়ে মহাজোটৰ অংশীদাৰী দলসমূহৰ সহযোগত সমাগত নিৰ্বাচনত দুয়োটা সমষ্টিতে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে।

  • Share this:
    ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থীৰ নাম ঘোষণা। মহাজোটৰ বৈঠকত ৰঙিয়া আৰু সৰভোগ সমষ্টি চিপিআই এম দলক দিয়া বুলি ঘোষণা হোৱাৰ পিছতে দলটোৰ নেতা-কৰ্মীসকলৰ মাজত উৎসাহ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। দলটোৰ ৰাজ্যিক সম্পাদক দেবেন্দ্ৰ ভট্টাচাৰ্যই ৰঙিয়াৰ চিপিআই এম দলৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতা-কৰ্মী সকলৰ আগত সুখবৰটো দিয়াৰ লগে লগে এক আনন্দৰ জোৱাৰ উঠে।

    দলীয় নেতা-কৰ্মীসকলক লগত লৈ দলটোৰ সম্পাদক দেবেন্দ্ৰ ভট্টাচাৰ্যই ঘোষণা কৰে ৰঙিয়া আৰু সৰভোগ সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ নাম। ৰঙিয়া সমষ্টিত ডাঃ ভগৱান মিশ্ৰ আৰু সৰভোগ সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৰাজ্যিক সম্পাদকগৰাকীয়ে।

    সম্পাদকগৰাকীয়ে মহাজোটৰ অংশীদাৰী দলসমূহৰ সহযোগত সমাগত নিৰ্বাচনত দুয়োটা সমষ্টিতে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে। কংগ্ৰেছকে ধৰি আটাইকেইটা সহযোগী দলে বিজেপিৰ ব্যৰ্থতা ৰাইজৰ মাজলৈ নি ৰঙিয়াত ভৱেশ কলিতাক নিৰ্বাচনত পৰাভূত কৰিব বুলি মন্তব্য কৰে।

    ৰঙিয়াৰ জ্যেষ্ঠ চিপিআই এম নেতা বিবেকানন্দ অধিকাৰীয়ে ৰঙিয়াৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতাই সমষ্টি উন্নয়নত চূড়ান্ত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে। লগতে এপ'ল মিল পুনৰুজ্জীৱিত কৰিব নোৱাৰা, বানপানী সমস্যা সমাধান কৰিব নোৱাৰা, বানাক্ৰান্ত ৰাইজক সাহায্য দিয়াত ব্যৰ্থ হোৱা, নিৱনুৱা সমস্যা সমাধান কৰিব নোৱাৰা, জলসিঞ্চন নিযুক্তিত দুৰ্নীতি হোৱা কাৰ্যই বিধায়কগৰাকীৰ ব্যৰ্থতাৰ উদাহৰণ বুলি কয় নেতাগৰাকীয়ে।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি