মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বৰপেটাত গো-সংৰক্ষণ আইনৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদী সমদল

বৰপেটাত গো-সংৰক্ষণ আইনৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদী সমদল

News18 Assam | News18-Assam
Updated:September 14, 2021, 3:21 PM IST
বৰপেটাত গো-সংৰক্ষণ আইনৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদী সমদল
লকডাউনত বিপৰ্যস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰাকে ধৰি ১০ দফীয়া দাবী পত্ৰ প্ৰদান কৰে। 

লকডাউনত বিপৰ্যস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰাকে ধৰি ১০ দফীয়া দাবী পত্ৰ প্ৰদান কৰে। 

  • News18 Assam
  • Last Updated: September 14, 2021, 3:21 PM IST
  • Share this:

চি পি আই এমৰ পলিটব্যুৰ'ৰ নিৰ্দেশমৰ্মে ৰাজপথত প্ৰতিবাদত চামিল হ'ল চি পি আই এম ৷ গো-সংৰক্ষণ বিধেয়ক বাতিল কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটা চহৰত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই এমে ৷ বৰপেটা, কয়াকুছি, পূব বৰপেটা লোকেল কমিটীৰ উদ্যোগত আজি বৰপেটা চহৰৰ ৰাজপথেৰে প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷


প্ৰতিবাদকাৰী চি পি আই এম কৰ্মীসকলে গো-সংৰক্ষণ বিধেয়কৰ জৰিয়তে ৰাজ্যৰ থলুৱা কৃষক আৰু গো-পালকসকলক সমস্যাৰ মাজলৈ ঠেলি পঠোৱাৰ লগতে গো-মাংসৰ বজাৰখন পুঁজিপতি গোষ্ঠীৰ হাতত অৰ্পণ কৰাৰ বাবে পৰিকল্পিতভাৱে অসমত গো-সুৰক্ষা বিধেয়কখন বিজেপিয়ে গ্ৰহণ কৰা বুলি দাবী তোলে ৷



সাধাৰণ কৃষক আৰু গো-পালকসকলৰ স্বাৰ্থ বিঘ্নিত কৰা গো-সংৰক্ষণ বিধেয়কখন বাতিলৰ দাবীত চি পি আই এমে বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ সুকীয়াকৈ দুখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰযোগে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, আয়কৰৰ আওতাত নপৰা পৰিয়ালসমূহক বিনামূলীয়া চাউলৰ লগতে দাইল, আটা, চেনি, নিমখ সামগ্ৰী প্ৰদান কৰা, লক ডাউনত বিপৰ্যস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰাকে ধৰি ১০ দফীয়া দাবী পত্ৰ প্ৰদান কৰে।


এই দাবীত আছে, ৰাজ্যখনৰ মাটিৰ জৰীপ কৰি দীর্ঘদিন ভােগ-দখল কৰি থকা লােকক মাটিৰ পট্টা দিয়াৰ লগতে বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰা। ৰাজহুৱা  খণ্ডৰ বেচৰকাৰীকৰণ বন্ধ কৰা, লােকপ্রিয় গােপীনাথ বৰদলৈ বিমানবন্দৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত প্রত্যাহাৰ কৰা। কৃষকবিৰােধী ৩ খন কৃষি আইন বাতিল কৰা, শ্ৰমিকৰ অধিকাৰ বিলােপ কৰিব বিচৰা আইনসমূহ ( labour code ) বাতিল কৰা আদি।

Published by: Gautam Barman
First published: September 14, 2021, 3:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি