• Home
  • »
  • News
  • »
  • assam
  • »
  • বাঘবৰ সমষ্টিৰ মন্দিয়াত CPI-Mৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন, চৰ-চাপৰিৰ মাটি জৰীপ কৰি পট্টা প্ৰদানৰ দাবী

বাঘবৰ সমষ্টিৰ মন্দিয়াত CPI-Mৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন, চৰ-চাপৰিৰ মাটি জৰীপ কৰি পট্টা প্ৰদানৰ দাবী

CPI-M: বৰপেটাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত চি পি আই এম'ৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তনঃ চৰ-চাপৰিৰ মাটি জৰীপ কৰি মাটিৰ পট্টা প্ৰদান কৰক ।চৰ-চাপৰিত পৰ্যাপ্ত বেংকৰ শাখা মুকলি কৰক ।

CPI-M: বৰপেটাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত চি পি আই এম'ৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তনঃ চৰ-চাপৰিৰ মাটি জৰীপ কৰি মাটিৰ পট্টা প্ৰদান কৰক ।চৰ-চাপৰিত পৰ্যাপ্ত বেংকৰ শাখা মুকলি কৰক ।

CPI-M: বৰপেটাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত চি পি আই এম'ৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তনঃ চৰ-চাপৰিৰ মাটি জৰীপ কৰি মাটিৰ পট্টা প্ৰদান কৰক ।চৰ-চাপৰিত পৰ্যাপ্ত বেংকৰ শাখা মুকলি কৰক ।

  • Share this:
বৰপেটাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত অনুষ্ঠিত হৈছে CPI-Mৰ ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন ৷ ৰাজ্যখনৰ চৰ-চাপৰি অঞ্চলত বসবাস কৰি অহা মূলতঃ সংখ্যালঘু নাগৰিকসকলে (Minority Citizens) দাৰ্ঘদিন ভোগ কৰি অহা মৌলিক সমস্যাসমুহক লৈ বৰপেটাৰ মন্দিয়াত অনুষ্ঠিত চৰ-চাপৰি গণ-অভিৱৰ্তনত বিস্তৃত আলোচনা ৷ চিপিআইএমৰ দুই বৰ্ষীয়ান নেতা, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন আৰু প্ৰাক্তন বিধায়ক হেমেন দাসৰ লগতে বিধায়ক মনোৰঞ্জন তালুকদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানৰ লগতে দলটোৰ বহু নেতা কৰ্মীৰ উপস্থিতিত চৰ চাপৰিবাসী সংখ্যালঘু নাগৰিকৰ সমস্যা সমুহক লৈ দিনজোৰা আলোচনা কৰা হয়৷

এই আলোচনাকালতে অভিবৰ্তনত চি পি আই এম নেতৃত্বই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ বিশেষকৈ চৰ-চাপৰিৰ মাটি জৰীপৰ বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ  কৰি চৰ-চাপৰিৰ মাটিৰ পট্টা (Land Patta) প্ৰদানৰ দাবী জনায় । একেদৰে চৰ-চাপৰিত বেংক (Bank)ৰ কোনো শাখা নথকা, উচ্চ শিক্ষাৰ বাবে কোনো মহাবিদ্যালয় (College) স্থাপন নকৰা বিষয় সম্পৰ্কে আলোচনা কৰি এইক্ষেত্ৰত চৰকাৰক  ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

ইপিনে চৰ চাপৰিৰ সংখ্যালঘুসকলক লৈ ৰাজনীতি কৰা AIUDFৰ সভাপতি বদৰুদ্দিন আজমল (Badaruddin Ajmal)ক সমালোচনা বৰ্ষীয়ান চিপিআইএম নেতা হেমেন দাসৰ ৷ পূৰ্বেও এ এফ গোলাম ওচমানিৰ UMF বা আজিৰ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলেও সংখ্যালঘু মানুহৰ সমস্যাক লৈ কোনো ধৰণে মাত নামাতে বুলি মন্তব্য কৰে হেমেন দাসে ৷

চৰ চাপৰিত বাস কৰা ৰাজ্যৰ সংখ্যালঘু মানুহৰ সমস্যাক লৈ বৰপেটাৰ বাঘবৰৰ মন্দিয়াত চিপিআইএমে আয়োজন কৰা অভিবৰ্তনত ৰাজ্যখনৰ কেবাখনো জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ অবশ্যে অভিৱৰ্তনত গ্ৰহণ কৰা প্ৰস্তাৱে ২০২৪ চনৰ ৰাজনীতিত কিবা প্ৰভাৱ পেলায় নে সেয়াহে হ'ব বিশেষভাৱে লক্ষ্যণীয় ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি