''বিজেপিৰ উচ্ছেদ মাথোন সংখ্যালঘুৰ ওপৰত ৷ হিন্দু ৰাজ্যৰ পৰীক্ষাগাৰ চলিছে অসমত ৷ গুজৰাটৰ আৰ্হিত হিন্দু ৰাজ্যৰ স্থাপনৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷'' -এই অভিযোগ CPI (M)ৰ ৰাষ্ট্রীয় নেত্ৰী বৃন্দা কাৰাটৰ ৷
গৰুখুঁটিৰ ধলপুৰৰ উচ্ছেদিত ৰাইজৰ মৰ্মবেদনাৰ বুজ লৈ গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় নেত্ৰীগৰাকী ৷ তেওঁ উচ্ছেদৰ ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে এই উচ্ছেদিত ৰাইজ এতিয়া ক'ত যাব? দুদিন পূৰ্বে জাননী প্ৰকাশ কৰি স্থানন্তৰ হ'বলৈ নিৰ্দেশ দিছিল অঞ্চলবাসীক ৷ দীৰ্ঘদিনে বসবাস কৰা লোকক উচ্ছেদৰ পূৰ্বে বিকল্প স্থান দিব লাগিছিল ৷
চিপিআইএম নেত্ৰীগৰাকীয়ে কয় যে জনতাৰ অধিকাৰ ৰক্ষাত ব্যৰ্থ হৈছে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ ৷ আনহাতে তেওঁ পুলিচৰ সন্মুখতে মৃত ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰাৰ কথাটো উনুকিয়াই এয়া মানি ল'ব নোৱাৰি বুলি উল্লেখ কৰে।
উচ্ছেদিত অঞ্চলক লৈ কাৰটে কয়– ''কদৰ্য, দুৰ্গম স্থানত বসবাস কৰিছিল লোকসকলে ৷ তেওঁলোকৰ খাদ্য, পানীৰ সমস্যা সমাধানত গুৰুত্ব দিব লাগিছিল চৰকাৰে ৷ ঔষধ, খাদ্য যোগান ধৰা দূৰৰে কথা পানী টোপালো যোগান ধৰা নাই ৷''
উল্লেখ্য ছিপাঝাৰৰ ধলপুৰত সংঘটিত উচ্ছেদৰ ঘটনাক লৈ এতিয়া ৰাজ্যৰ লগতে কেন্দ্ৰীয় ৰাজনীতিকে মত প্ৰকাশ কৰি থকা পৰিলক্ষিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|