লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ধন্যবাদ জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ধন্যবাদ জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক
অসমত সফলভাৱে অনুষ্ঠিত হ'ল CPAৰ বৈঠক ৷ প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত বৈঠকক লৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ধন্যবাদ জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ৷
বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়- গণতান্ত্ৰিক প্ৰক্ৰিয়াত যুৱপ্ৰজন্মক চামিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ গণতন্ত্ৰত যুৱপ্ৰজন্মৰ সক্ৰিয় যোগদানে অধিক শক্তিশালী কৰিব গণতান্ত্ৰিক ব্যৱস্থা ৷ বিদ্যালয়, বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক গণতন্ত্ৰৰ প্ৰতি অধিক সমৰ্পিত কৰাৰ তেওঁ আহ্বান জনায়। ইয়াৰ বাবে প্ৰয়োজনত শিক্ষাৰ্থীসকলক উদগনি যোগাবলৈ প্ৰতিখন ৰাজ্যই বিশেষ পদক্ষেপ ল'বই লাগিব বুলিও বিৰলাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
বিৰলাই লগতে গণতান্ত্ৰিক ব্যৱস্থাত সকলো ৰাজনৈতিক দলে সদনৰ সমমৰ্যাদা অক্ষুণ্ণ ৰখাৰ দাবী জনায়। তেওঁ সদনৰ ভিতৰত কিবা আপত্তি থাকিলে গণতান্ত্ৰিকভাৱে বাধা দিব লাগে বুলি উল্লেখ কৰি শ্লোগান, অযথা হাল্লা কৰি সদনৰ গৰিমা হানি কৰিব নালাগে বুলি পৰামৰ্শ দিয়ে অধ্যক্ষগৰাকীয়ে ৷
ইপিনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই বৈঠক সফলতাৰে অনুষ্ঠিত হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনায়। লোকসভাৰ অধ্যক্ষৰ সহায় অবিহনে এয়া অসম্ভৱ আছিল বুলি প্ৰকাশ কৰি দৈমাৰীয়ে সকলোকে ধন্যবাদ জনায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|