পথৰ কাষত ৰৈ আছে এখন বিলাসী বাহন! বাহন খনত আছে আকৌ তিনিটাকৈ গৰু। চালকৰ আসনতো আনকি গৰু! ডিব্ৰুগড়ৰ বাইপাছত উদ্ধাৰ হৈছে গৰু উঠি অহা বিলাসী বাহনখন। বাহন খন উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হ’ল চাঞ্চল্যৰ।
বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ডিকমৰ নৱনিৰ্মিত বাইপাছত উদ্ধাৰ তিনিটা গৰুসহ এখন ভিচটা বাহন। ‘AS23H3413’ নম্বৰৰ এখন ভিচটা বাহনৰ ভিতৰত পুৱাই স্থানীয় ৰাইজে পত্যক্ষ কৰে তিনিটাকৈ গৰু আৰু লগে লগে খবৰ দিয়ে ডিকম আৰক্ষীক।
এতিয়া উজনি অসমত বৃদ্ধি পাইছে গৰু চোৰৰ দপদপনি। জানিব পৰা মতে, গৰু চুৰি কৰি আনি থকাৰ সময়তে বাহনখনত ইন্ধন শেষ হোৱাত বাহনখন এৰি পলায়ন কৰে চোৰৰ দলটো। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰু কেইটাৰ লগতে বাহনখন জব্দ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|