আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া আদম আলী, উদ্ধাৰ পিষ্টল, AK-47ৰ গুলী

তিনি মাহে আত্মগোপন কৰি থকা ধুবুৰীৰ কুখ্যাত গো মাফিয়া আদম আলীক দেওবাৰে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
তিনি মাহে আত্মগোপন কৰি থকা ধুবুৰীৰ কুখ্যাত গো মাফিয়া আদম আলীক দেওবাৰে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
- News18 Assam
- Last Updated: October 12, 2020, 11:22 AM IST
উল্লেখযোগ্য যে বিগত তিনি মাহে আত্মগোপন কৰি থকা ধুবুৰীৰ কুখ্যাত গো মাফিয়া আদম আলীক দেওবাৰে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) দেৱাশিস চৌধুৰীৰ নেতৃত্বত সাতদিন ধৰি চলিছিল গোপন অভিযান। অভিযানকাৰী দলটোৱে দেওবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁও গ্ল’বেল চিকিৎসালয়ৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত চোৰাং গৰু বেপাৰী ধুবুৰীৰ আদমক।
গ্ৰেপ্তাৰ হোৱা আদমক নিশাই ধুবুৰীলৈ অনা হৈছে বুলি জানিব পৰা গৈছে। ইপিনে গো - মাফিয়া আদমক গ্ৰেপ্তাৰ কৰাৰ পিছে পিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্র আৰু জিলা দণ্ডাধীশৰ নেতৃত্বত আদমৰ গৌৰীপুৰ আৰু বালাজন অঞ্চলত থকা বিশাল সম্পত্তিত তালাচী আৰম্ভ কৰিছে।
বৰ্তমানোও আদম আলীৰ বাসগৃহত তদন্ত অব্যাহত ৰাখিছে বুলি ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়ে। মিশ্ৰৰ মতে বাংলাদেশলৈ গৰুৰ চোৰাং ব্যৱসায়ৰ লগত অস্ত্ৰৰ কি সম্পৰ্ক উক্ত বিষয়ত অধিক তদন্তৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে।