নগাঁৱৰ বৰঘাটত আৰক্ষীয়ে চোৰাংভাবে গোধন সৰবৰাহ (Cow Smuggling) কৰা এখন ট্ৰাক আজি জব্দ কৰে৷ এই ঘটনাৰে জৰিত দুজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখযোগ্য যে আজি দুপৰভাগত গোপন সুত্ৰৰ পম খেদি বৰঘাট আৰক্ষীয়ে গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS-23-CC-0886 ৷
জানিব পৰা মতে ৩৫টা গৰু লৈ ট্ৰাকখন তেজপুৰ বালিপাৰাৰ পৰা আহিছিল ৷ চোৰাং কৈ গৰুকেইটা মেঘালয় (Meghalaya)লৈ নিয়াৰ পথতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ এই চোৰাং ব্যৱসায়ৰে জড়িত থকা দুজন ব্যৱসায়ীৰ নাম পোহৰলৈ আহিছে ৷ ব্যৱসায়ী দুজনৰ নাম হৈছে মকবুল হুছেইন আৰু হেকমত আলি ৷ দুয়োজনৰ ঘৰ চামগুৰিত ৷