মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Cow Protection Controversy : "গৰুৱে উশাহত অক্সিজেন লয়, নিশাহতো অক্সিজেন এৰি দিয়ে!" মাজুলীৰ সত্ৰাধিকাৰৰ মন্তব্যত গো চৰ্চাই পালে নতুন মাত্ৰা।

Cow Protection Controversy : "গৰুৱে উশাহত অক্সিজেন লয়, নিশাহতো অক্সিজেন এৰি দিয়ে!" মাজুলীৰ সত্ৰাধিকাৰৰ মন্তব্যত গো চৰ্চাই পালে নতুন মাত্ৰা।

News18 Assam | News18-Assam
Updated:July 16, 2021, 7:52 PM IST
Cow Protection Controversy :
অসম পশুধন সুৰক্ষা বিধেয়ক,২০২১ শীঘ্ৰে গৃহীত কৰি গো মাতাক সুৰক্ষা প্ৰদান কৰিব লাগে বুলিও মন্তব্য সত্ৰাধিকাৰজনৰ।

অসম পশুধন সুৰক্ষা বিধেয়ক,২০২১ শীঘ্ৰে গৃহীত কৰি গো মাতাক সুৰক্ষা প্ৰদান কৰিব লাগে বুলিও মন্তব্য সত্ৰাধিকাৰজনৰ।

  • Share this:
ৰাজ্যত গো চৰ্চাই লাভ কৰিছে নতুন মাত্ৰা। বিধানসভাত চৰকাৰে গো সুৰক্ষাৰ বাবে  অসম পশুধন সুৰক্ষা বিধেয়ক,২০২১ উত্থাপন কৰা পিছতে যেন ত্বৰাণ্বিত হৈছে গো চৰ্চা গতি। শেহতীয়াকৈ এই গো চৰ্চাত নতুন মাত্ৰা দিছে মাজুলীৰ এগৰাকী সত্ৰাধিকাৰে।

মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰম সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ মতে "গৰুৱেই হৈছে একমাত্ৰ প্ৰাণী যি উশাহত অক্সিজেন গ্ৰহণ কৰাৰ লগতে নিশাহতো অক্সিজেন এৰি দিয়ে।" আজি একাংশ সংবাদমাধ্যমত সত্ৰাধিকাৰগৰাকীৰ এই মন্তব্য সম্প্ৰচাৰ হোৱাৰ পাছতে হৈ পৰিছে ভাইৰেল।

সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৰাজ্য চৰকাৰে গো সুৰক্ষাৰ বাবে লোৱা পদক্ষেপসমূহক আদৰণি জনাই কয় যে গো সুৰক্ষাৰ প্ৰসংগতোৱে চৰকাৰৰ প্ৰাথমিকতা পোৱাটো অতি আনন্দৰ কথা। চৰাকৰে বিধানসভাত দাখিল কৰা অসম পশুধন সুৰক্ষা বিধেয়ক,২০২১ শীঘ্ৰে গৃহীত কৰি আইনত পৰিণত কৰি গো মাতাক সুৰক্ষা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে।

সত্ৰাধিকাৰগৰাকীৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্ন মহলত। বহজনে ইয়াক হাস্যকৰ অদ্ভুত আখ্যা দিছে।
Published by: Manjumoni Borah
First published: July 16, 2021, 7:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি