মহাৰাষ্ট্ৰত চিকিত্‍সাধীন হৈ থকা অসমৰ কোৰোণাত আক্ৰান্ত ৰোগীয়ে কৰিলে আত্মহত্যা

News18 Assam | News18-Assam
Updated:April 11, 2020, 5:42 PM IST
মহাৰাষ্ট্ৰত চিকিত্‍সাধীন হৈ থকা অসমৰ কোৰোণাত আক্ৰান্ত ৰোগীয়ে কৰিলে আত্মহত্যা
যুৱকজনৰ ঘৰ নগাওঁ জিলাত বুলি জানিব পৰা গৈছে

যুৱকজনৰ ঘৰ নগাওঁ জিলাত বুলি জানিব পৰা গৈছে

  • Share this:
মহাৰাষ্ট্ৰত চিকিত্‍সাধীন হৈ থকা অসমৰ এজন কোৰোণাত আক্ৰান্ত ৰোগীয়ে কৰিলে আত্মহত্যা। মহাৰাষ্ট্ৰলৈ যোৱা অসমৰ ৩০ বছৰীয়া যুৱকজনৰ দেহত শুকুৰবাৰে ধৰা পৰিছিল কোৰোণা অৱস্থিতি। পিছত যুৱকজনক মহাৰাষ্ট্ৰৰ আকোলা নগৰৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শনিবাৰে পুৱা হাস্পতালৰ বাথৰূমত আত্মহত্যা কৰে যুৱকজনে।।

যুৱকজনৰ ঘৰ নগাওঁ জিলাত বুলি জানিব পৰা গৈছে। PTIৰ জৰিয়তে জানিব পৰা খবৰ অনুসৰি,  যুৱকজনক কোৰোণাৰ সন্দেহত ৭ তাৰিখৰ পৰা এখন হোটেলত আছুতীয়াকৈ ৰখাৰ পিছত শুকুৰবাৰে যুৱকজনৰ শৰীৰত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছিল।

নিউজ18 ৰ হাতত পৰা তথ্য মতে,  তবলিগী জামাতলৈ গৈ কোৰোণা ৰোগত ভাইৰাছত আক্ৰান্ত হোৱা নগাঁও জিলাৰ চামগুৰিৰ যুৱকজনৰ নাম জহিৰুল ইছলাম। জানিব পৰা মতে নিজামুদ্দিনৰ পৰা মহাৰাষ্ট্ৰৰ আকোলাত তবলিগী জামাতলৈ যোৱা জহিৰুলে মুম্বাইৰ এটা মছজিদত কেইজনমান লগৰীয়াৰ সৈতে আশ্ৰয় লৈ আছিল। কিন্তু বিগত কেইদিনমানত জহিৰুলক মছজিদত লগৰীয়া কেইজনে অকলশৰে এৰি আঁতৰি যায়। উপায়ন্তৰ হৈ জহিৰুলে শুকুৰবাৰে আকোলা আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে জহিৰুলৰ স্বাস্থ্যপৰীক্ষা কৰি আকোলাৰ এখন হোটেলত আইছ'লেছনৰ ব্যৱস্থা কৰে।

যোৱাকালি জহিৰুলে শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে ফোনত কথা পাতিছিল আৰু সেইসময়ত তেওঁ মানসিকভাৱে যথেষ্ট ভাগি পৰিছিল বুলি জনাইছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকক আনকি তেঁও জীৱন্ত অৱস্থাত ঘূৰি যাব নোৱাৰিবও বুলি শংকা প্ৰকাশ কৰিছিল।

আজি পুৱা জহিৰুলৰ দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি প্ৰমাণ হয় আৰু তাৰ কিছু সময় পিছতে হঠাৎ জহিৰুলে আত্মহত্যাৰ চৰম পন্থা বাছি লয়। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে আকোলাৰ জিলা প্ৰশাসনৰ সৈতে কথা পাতিছে আৰু বৰ্তমান তেঁওৰ মৃতদেহ আকোলাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হৈছে।
First published: April 11, 2020, 3:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading