স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত বুষ্টাৰ ড’জ প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰে।
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত বুষ্টাৰ ড’জ প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰে।
দেশজুৰি আৰম্ভ হ’ল বুষ্টাৰ ড’জ প্ৰক্ৰিয়া। অসমতো আজিৰে পৰা আৰম্ভ হ'ল বুষ্টাৰ ড'জ প্ৰদানৰ কাম। পুৱা ১০ বজাৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত প্ৰদান কৰা হৈছে বুষ্টাৰ ড’জ । চিকিৎসক, স্বাস্থ্যকৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ৰ উৰ্ধৰ ব্যক্তিক GMCHত বুষ্টাৰ ড’জ প্ৰদান কৰা হয়।
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত বুষ্টাৰ ড’জ প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰে।
কোভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্য কৰ্মী সকলক প্ৰথমতে প্ৰদান কৰা হয় বুষ্টাৰ ড’জ। লগতে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ বাবে কভিড-১৯ ভেকচিনৰ এই বুষ্টাৰ প্ৰদান কৰা হৈছে।
যিসকল স্বাস্থ্য কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ বছৰৰ অধিক বয়সৰ লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰাৰ ৯ মাহ হৈ গৈছে তেনে লোকেহে ল'ব পাৰিব এই বুষ্টাৰ ড'জ। ইতিমধ্যে ৯ মাহ সম্পূৰ্ণ কৰা লোকৰ মোবাইলতবুষ্টাৰ ড’জ লোৱাৰ বাবে মেছেজ যাব।
৬০ বছৰৰ উৰ্ধৰ যিসকল লোকৰ শৰীৰত কোনো জটিল ৰোগৰ উপসৰ্গ আছে তেওঁলোকেও চিকিৎসকৰ পৰামৰ্শ লৈ ল’ব পাৰিব বুষ্টাৰ ড’জ। ইয়াৰ বাবে শনিবাৰ ৮ জানুৱাৰীৰ পৰা CoWIN প'ৰ্টেলত পঞ্জীয়ন আৰম্ভ হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|