ৰঙিয়াত কোভিড চাফাই কৰ্মীৰ মৌন অৱস্থান, নিয়মীয়া পদত নিযুক্তিৰ দাবী

News18 Assam | News18-Assam
Updated:November 3, 2020, 9:00 PM IST
ৰঙিয়াত কোভিড চাফাই কৰ্মীৰ মৌন অৱস্থান, নিয়মীয়া পদত নিযুক্তিৰ দাবী
নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি এইসকল কোভিড যোদ্ধাক ছাটাই কৰা কাৰ্যত স্বাস্থ্য কৰ্মীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি এইসকল কোভিড যোদ্ধাক ছাটাই কৰা কাৰ্যত স্বাস্থ্য কৰ্মীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

  • Share this:
ৰঙিয়াত কোভিড চাফাই কৰ্মীৰ মৌন অৱস্থান। কোভিড চাফাই কৰ্মীসকলে স্বাস্থ্য বিভাগৰ চতুৰ্থ শ্ৰেণীৰ নিয়মীয়া পদত নিযুক্তি দিয়াৰ দাবীত এই মৌন অৱস্থান গ্ৰহণ কৰে। কামৰূপ জিলাত কোৱাৰেণ্টাইন কেন্দ্ৰত নিযুক্ত এই চাফাই কৰ্মীসকলক ছমাহ কাৰ্যকালৰ বাবে স্বাস্থ্য বিভাগে নিযুক্তি দিছিল। কিন্তু তিনিমাহ পিছতে কোনো আগতীয়া জাননী নিদিয়াকৈ ছাটাই কৰি দিয়ে চাফাই কৰ্মীসকলক।

নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি এইসকল কোভিড যোদ্ধাক ছাটাই কৰা কাৰ্যত স্বাস্থ্য কৰ্মীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চাফাই কৰ্মীসকলে দুখেৰে জনাই যে কোৱাৰেণ্টাইন কেন্দ্ৰত নিযুক্ত হোৱা বাবে এতিয়া এইসকল যুৱক-যুৱতীক পূৰ্বৰ কামত নিযুক্ত নকৰে বিভিন্ন প্ৰতিস্থানে। এই চাফাই কৰ্মীসকলৰ দাবী, স্বাস্থ্য মন্ত্ৰীয়ে স্বাস্থ্য বিভাগত এই চাফাই কৰ্মীসকলক চতুৰ্থ শ্ৰেণীত নিযুক্তি দিয়ক।
Published by: Sanjay Kumar Das
First published: November 3, 2020, 8:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading